বিশিষ্ট সংগীতশিল্পী অপূর্ব বেজবৰুৱাৰ বিয়োগত শোক “বহুবাক”ৰ

বিশিষ্ট সংগীতশিল্পী অপূর্ব বেজবৰুৱাৰ বিয়োগত শোক “বহুবাক”ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সংগীত জগতৰ অন্যতম তাৰকা অপূর্ব বেজবৰুৱাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যৰ অন্যতম পথিকৃৎ সমন্বয়-সংহতিৰ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) এ। এক শোক-বাৰ্তাত বহুবাকৰ সম্পাদক দীপক শৰ্মাই কয়- হেজাৰ মধুৰ গীতৰ অধিকাৰী আছিল অপূর্ব বেজবৰুৱা। তেওঁৰ নিভাঁজ শৈলীৰ কন্ঠই সকলোকে মোহান্বিত কৰিছিল৷ গীতৰ মাজেৰে অসম প্ৰেমৰ চানেকি দাঙি ধৰিছিল। অপূর্ব বেজবৰুৱাৰ বিয়োগত আমি গভীৰভাৱে শোক প্রকাশ কৰাৰ লগতে অসমে এজন সঁচা শিল্পী হেৰুৱাব লগীয়া হোৱা বুলি অনুভব প্ৰকাশ কৰিছোঁ।” শিল্পী অপূর্ব বেজবৰুৱাৰ বিয়োগত শোক প্রকাশ কৰিছে বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ মলিনা দেৱী ৰাভা, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সচিব প্ৰধান ‘সাহিত্য কোঁৱৰ’ কমল কলিতা, পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম-সম্পাদক গোলাপ বড়ো, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, শিক্ষা সম্পাদক শিৰষ দাস, পৰাগজ্যোতি প্ৰকাশন, অসম শিশু সাহিত্য সমাজ আদি দল-সংগঠনে গভীৰ শোক প্রকাশ কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰে।