বিশিষ্ট গীতিকাৰ , সুৰকাৰ , সংগীত পৰিচালক দিলীপ বিশ্বকৰ্মাৰ দেহাৱসান 

বিশিষ্ট গীতিকাৰ , সুৰকাৰ , সংগীত পৰিচালক দিলীপ বিশ্বকৰ্মাৰ দেহাৱসান 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সংগীত জগতৰ এগৰাকী অগ্ৰণী ব্যক্তি বিশিষ্ট গীতিকাৰ , সুৰকাৰ , সংগীত পৰিচালক দিলীপ বিশ্বকৰ্মা আৰু নাই । দীৰ্ঘদিন ধৰি দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা দিলীপ বিশ্বকৰ্মাৰ স্বাস্থ্যৰ কালি নিশাৰ ভাগত অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে তেওঁক চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও পুৱতি নিশা প্ৰায় ৪ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ ।অসমৰ ন-পুৰণি বেছিভাগ শিল্পীৰ সৈতে কাম কৰা দিলীপ বিশ্বকৰ্মাই প্ৰায় পাচ শতাধিক অসমীয়া গীতত সুৰ দিয়াৰ লগতে সহস্ৰাধিক গীতৰ সৃষ্টা আছিল । তদুপৰি কেবাখনো শ্ৰাব্য কেছেটত সংগীত পৰিচালনা কৰিছিল ।নেপালী আৰু হিন্দী গীতৰ কেবাখনোত এলবামতো তেওঁ সংগীত পৰিচালনা কৰিছিল ।তেওঁ সুৰাৰোপিত কৰা আৰু সংগীত দিয়া জনপ্ৰিয় গীত সমুহৰ কেইটামান হল “পলে পলে বিচাৰো তোমাক ” , সুধিবৰে মন যায়,কেনে আছা তুমি ” ” আমি সাংবাদিক , গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ” , জোনাকৰ এটি নিশা ” ইত্যাদি ।মৃত্যুৰ সময়ত তেওঁ পত্নী কণ্ঠশিল্পী লিপিকা দেৱী আৰু দুগৰাকী কন্যা সন্তানক ইহ:সংসাৰত এৰি থৈ যায়।তেওঁৰ মৃত্যুত অসমৰ সংগীত জগতত গভীৰ শোক ছাঁ পৰে ।