বিশিষ্ট কবি, লেখক তথা গায়ক কাজি শ্বাহাদত ইছলামলৈ “সাহিত্য চৰ্চা বটা” প্ৰদান
জনীয়া,ৰঙিলী বাৰ্ত্তাসেৱা- জনীয়া প্ৰেছ ক্লাৱৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত বিশিষ্ট কবি, লেখক তথা গায়ক কাজি শ্বাহাদত ইছলামক “সাহিত্য চৰ্চা বঁটা” প্ৰদান কৰি সন্মানিত কৰা হয়। কাজি শ্বাহাদত ইছলামে তেওঁৰ সাহিত্যিক জীৱনৰ যাত্ৰাত অসংখ্য নতুন লেখক আৰু সৃষ্টিশীল ব্যক্তিৰ প্ৰতিভা চিনাক্ত কৰি তুলি ধৰা আৰু সাহস যোগাই আহিছে। সাহিত্য সংবাদ মঞ্চৰ জৰিয়তে নতুন সাহিত্যিকসকলক তেওঁ এক নতুন দিশ দাঙি ধৰিবলৈ সক্ষম হৈছে।
সাহিত্য সংবাদ মঞ্চ এটি মুকলি প্লেটফৰ্ম হিচাপে কাজি শ্বাহাদত ইছলামে গঢ়ি তুলিছে। ইয়াৰ জৰিয়তে নতুন আৰু উদীয়মান সাহিত্যিকসকলে নিজৰ সৃষ্টি প্ৰকাশৰ সুযোগ লাভ কৰিছে। তেওঁ লিখনিৰ গুণগত মান বৃদ্ধি, পাঠকৰ লগত সংযোগ স্থাপন আৰু সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ উদ্দীপিত কৰাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
জনীয়া প্ৰেছ ক্লাৱৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত দিনজোৰা কাৰ্যসূচীৰে পতাকা উত্তোলন, গছপুলি ৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আলোচনাচক্ৰত “নিকা সমাজ গঠনত চৰকাৰ, প্ৰশাসন আৰু সংবাদ মাধ্যমৰ কৰণীয়” বিষয়ত বিশিষ্ট ব্যক্তিসকলৰ মতামত আৰু পৰামৰ্শ আগবঢ়োৱা হয়।
অনুষ্ঠানৰ অন্তিম পৰ্যায়ত কাজি শ্বাহাদত ইছলাম আৰু জুবি ভূঞাৰ দ্বৈত কবিতা আবৃত্তি, স্থানীয় শিল্পীসকলৰ সঙ্গীত আৰু নৃত্যৰ মনোৰঞ্জক প্ৰদৰ্শনে সমগ্ৰ দৰ্শকৰ মন আপ্লুত কৰে। এই আয়োজনত সাহিত্য, সংস্কৃতি আৰু নতুন লেখকসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত জনীয়া প্ৰেছ ক্লাৱৰ সৈতে কাজি শ্বাহাদত ইছলামে আগবঢ়োৱা ভূমিকা উল্লেখযোগ্য।
তেওঁৰ প্ৰচেষ্টা নতুন প্ৰজন্মৰ মাজত সাহিত্যৰ প্ৰতি গভীৰ অনুৰাগ সৃষ্টি কৰাৰ লগতে সমাজৰ এক সুস্থ দিশৰ পথ দেখুৱাইছে। কাজি শ্বাহাদত ইছলামে সাহিত্যানুৰাগীসকলৰ মাজত প্ৰেৰণা যোগাই সাহিত্য সংবাদ মঞ্চৰ এগৰাকী বিশিষ্ট মুখপত্ৰ ৰূপে গণ্য হৈছে।