বিশিষ্ট উদ্যোগপতি পৱন আগৰৱালালৈ ‘ভাৰত গৌৰৱ’ সন্মান

বিশিষ্ট উদ্যোগপতি পৱন আগৰৱালালৈ ‘ভাৰত গৌৰৱ’ সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট উদ্যোগপতি-ব্যৱসায়ী-সমাজকর্মী পৱন আগৰৱালাই লাভ কৰিছে ‘ভাৰত গৌৰৱ’ সন্মান। ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রদান কৰা হয় এই সন্মান। ফ্রান্সৰ সংসদ ছিনেটত আয়োজিত হয় ‘ভাৰত গৌৰৱ’ বঁটা প্রদান অনুষ্ঠান। শিক্ষা, সংস্কৃতি, ব্যৱসায় আদি খণ্ডত উৎকর্ষ লাভ কৰা ৩২ গৰাকী ব্যক্তিক প্রদান কৰা হয় ২০২৪ চনৰ ‘ভাৰত গৌৰৱ’ বঁটা। ১৮খন দেশৰ কৃতী ভাৰতীয়ই লাভ কৰে এই বঁটা। প্রযুক্তি উদ্যমিতা, সমাজসেৱা শিতানৰ এই বঁটা লাভ কৰিছে পৱন আগৰৱালাই। বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে ফ্ৰান্সৰ মন্ত্ৰী ডি ৰেনবুলে। ভাৰতীয় মূলৰ সাংসদ প্রিছকা থেৱেনাট, ফ্রান্সস্থিত কনছুল জেনেৰেল প্রবীণ কুমাৰ, ফ্ৰান্সৰ ছিনেটৰদ্বয় ডমিনিক থিঅ’ফাইল আৰু ফেড্রিক বুভালে এই বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰে। পৱন আগৰৱালাৰ লগতে ‘ভাৰত গৌৰৱ’ বঁটা লাভ কৰে আধ্যাত্মিক গুৰু, পদ্মভূষণ কমলেশ পেটেল, চিত্র নির্মাতা অনু কাপুৰ, পদ্মশ্রী ড° সুধীৰ শ্বাহ, ৰাম মন্দিৰৰ ৰামৰ মূৰ্তি নিৰ্মাতা অৰণ যোগীৰাজ, এবিপি নিউজৰ কাৰ্যবাহী সম্পাদক ইন্দ্রজিৎ ৰায়, সংস্কাৰ টিভিৰ মুখ্য কার্যবাহী বিষয়া মনোজ ত্যাগী আদিয়ে। পরন আগৰৱালা গুৱাহাটীস্থ ডাটামেচন প্রতিষ্ঠানৰ স্বত্বাধিকাৰী। ভাৰতীয়ৰ বাবে ‘ভাৰত গৌৰৱ’ হৈছে সর্বোচ্চ আন্তর্জাতিক বঁটা।