বিশাল জনাৰুণ্যত আমি নিঃসংগ কিয়?
সুনম বিশ্বাস, গোৰেশ্বৰ,তামুলপুৰ
আপোনজনৰ কান্ধত কান্ধ থৈ একে উশাহে গধুৰ কৰা মনাকাশখনৰ ডাৱৰবোৰ ফৰকাল কৰি ল’ব পাৰিলে, জীৱনটো সহজ হৈ পৰে । তেনেকৈ কান্ধৰ ভৰ সহিব পৰাকৈ প্ৰত্যেকৰে জীৱনত অন্ততঃ একোজন সংগীৰ প্ৰয়োজন।
আমি সকলোৱেই মৰম – চেনেহৰ ভোকাতুৰ। জীৱনটো চলি থাকিবলৈ দৈনন্দিন প্ৰয়োজনবোৰৰ লগতে আমাৰ সংগীৰ নিতান্তই প্ৰয়োজন। হ’ব পাৰে তেওঁ বা তাই এগৰাকী স্বামী – স্ত্ৰী , বন্ধু – বান্ধৱী বা দাদা – বাইদেউ যিয়েই নহওক কিয়, মুঠতে প্ৰয়োজন। সংগীহীন জীৱন এখন উকা পৃষ্ঠাৰ দৰে । য’ত কেৱল কাল্পনিক অনুভৱৰ শিহৰণ থাকিব কিন্তু বাস্তৱতা শূন্য। লাহে লাহে শূন্যত বিলীন হৈ যায় লোক, কেৱল এগৰাকী সংগীৰ অভাৱত।
আজিকালি আমাৰ সময়বোৰ দুৰাৰোগ্যত ভুগিছে । আচলতে আমাৰ মনৰ অসুখবোৰ ধনৰ লালসাতে সীমাবদ্ধ। আমি ইমানেই ব্যস্ত যে একেখন ঘৰত থাকিও পৰিয়ালৰ সদস্যৰ কথা আমি নাজানো , কাৰ কি সমস্যা হৈছে , সেইবোৰ আলোচনা কৰিবলৈকো আমাৰ আহৰি নাই। কৰ্ম ব্যস্ততাৰ অন্তত যিখিনি সময় থাকে, সেইখিনি আকৌ আমাৰ ফোনটোৰ নামতহে থাকে ।
বৰ্তমান এনেকুৱা সম্পৰ্কও আছে য’ত একে ছাদৰ তলত থাকিও পৰস্পৰ বিষয়ে একো নাজানে। কিয়নো, আমি নিজতেই মগ্ন হৈ থাকো। আনে কি কৰিছে , কৰা নাই আমাৰ অকণো কাণসাৰ নাই। অৱশ্য মানৱতাৰ স্থানো আজিৰ যুগত সেয়ে শূন্যৰ ঘৰলৈ গতি কৰিছে।
কেতিয়াবা অকণ সময় উলিয়াই নিঃস্বজনৰ ভৰসাৰ পাত্ৰ হৈ চাব লাগে । হাতত মুঠিত মাৰি ধৰি , “মই আছোঁতো চিন্তা নকৰিবা” …. বুলি কোৱাৰ একোজন লোকৰ খুবেই প্ৰয়োজন হয়। দেখিবলৈ মানুহ যিমানেই সুস্থ, সাহসী নহওক কিয় , প্ৰকৃতাৰ্থত ভিতৰি ভিতৰি প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা সমস্যা বা কষ্টই অন্তৰখন কুটি কুটি খাই থাকে । বহুতেই নিজৰ দুৰ্বলতা আনৰ আগত প্ৰকাশ কৰিবলৈ টান পায় , এইটো ভাবি যে হয়তোবা বিশ্বাসেই কেতিয়া বাগী কুঠাৰ মাৰিব বুলি । বিশ্বাসী সংগীৰ দৰিদ্রতাত ভুগি সেয়ে মনৰ কষ্ট মনতে পুহি ৰখাৰ ফলত মানসিক ভাৰসাম্য হেৰুৱাই পেলাই । মনৰ ভিতৰত গুমৰি থকা কষ্টৰ বোজাই জীৱনটো নৰকলৈ পৰ্যবসিত কৰে । অৱশেষত উপায়ন্তৰ হৈ মাটিৰ দেহা মাটিতে বিলীন কৰি দিবলৈ দুনাই ভাবি নাচায়। এনেকৈ ধ্বংস হয় এটা সুন্দৰ জীৱন।
অন্যহাতে, বিশ্বাস, ভৰসাৰ স্থানে য’ত পূৰ্ণতা পাই তাতেই অংকুৰিত হয় এক নৱ পুষ্প। যাৰ সৌন্দৰ্যৰ সৌৰভে আমোলমোলাই চৌপাশ । আৰু যেতিয়াই সেই সৌন্দৰ্যত দাগ লাগে অৰ্থাৎ কাৰোবাৰ নৈমিত্তিক সান্নিধ্যত অভ্যস্ত লোক যেতিয়া হঠাতেই পৃথিৱীৰ পৰা বিদায় লয় ; তেতিয়াই আকাশখন মূৰত খহি পৰে।কদাপি সহ্য কৰিব নোৱাৰে আপোনজন হেৰুৱাৰ বেদনা , কোনোপধ্যেই স্বীকাৰ কৰি ল’ব নোৱাৰে আপোনত্বৰ শূন্যতা। উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হয় তেনে সময়ত। যিসকলৰ মনোবল সুদৃঢ় হয় , তেওঁলোকে বিধিৰ বিধান মানি বাস্তৱতাক গ্ৰহণ কৰি ল’বলৈ প্ৰয়াস কৰে আৰু নিজেই জীয়াই থকাৰ নৱ পথ প্রশস্ত কৰে । আনহাতে যিসকলে নোৱাৰে সেইসকলৰ জীৱন যে সাৰশূণ্য হৈ পৰে ।আৱেগবিহ্বল হৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় । তাৰে এক জলন্ত উদাহৰণ হৈছে শ্ৰদ্ধাৰ শিলাদিত্য চেতিয়া ডাঙৰীয়া। আমি ক’ব পাৰো যে এতিয়াও শাশ্বত প্ৰেমবোৰ একেবাৰে কলংকিত হৈ যোৱা নাই। আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিবোৰ নিৰৰ্থক হৈ যোৱা নাই। আগৰকাল পত্নীৰ সৈতে কটোৱা মধুৰ সময়বোৰৰ জীৱনটোকে শ্ৰেয় বুলি ভাবিয়ে পিছৰকালৰ দুৰূহ জীৱনৰ কল্পনাও কৰিব পৰা নাই। নিঃসংগতাৰ বোজা কঢ়িয়াব নোৱাৰ বাবেই যেন জীৱনে – মৰণে পত্নীৰ ছাঁ হৈ গুচি গ’ল।
বহুতেই এই বাস্তাৱতাক স্বীকাৰ কৰিব নোৱাৰিব। কাপুৰুষৰ কলংকৰ দাগো লাগিব কিন্তু যাৰ জীৱনত অনাকাংক্ষিত ঘটনাবোৰ ঘটে তেৱে বুজে জীয়াই থকাৰ যন্ত্ৰনা কি …! আমাৰ নিজৰ জীৱনত নঘটালৈ কাৰো দুখ, শোক , যন্ত্ৰণা উপলব্ধি কৰিব নোৱাৰো । এগৰাকী উচ্চ পদস্থ বিষয়া হৈয়ো এনেকুৱা সিদ্ধান্ত ল’ব পাৰিলে নে? বুলি লোকৰ কৌতুহলী মনে প্ৰশ্ন উত্থাপন কৰিবই কিন্তু সাহসী মুখখনৰ আঁৰত থকা মানুহগৰাকীৰ খবৰ যিয়ে ৰাখিছিল তেৱেঁই সংসাৰ ত্যাগ কৰাৰ পিছত তেওঁৰ ভাৰাক্ৰান্ত মনটোৱে পৃথিৱীৰ পোহৰলৈ বিতৃষ্ণা হ’ল । আত্মহত্যা যদিও মহাপাপ তথাপিও যেন সেই পাপৰ ভাগীদাৰী হৈ প্ৰশান্তিৰে গুচি গ’ল জোনবাইৰ দেশলৈ । জন্ম-মৃত্যু প্ৰকৃতিৰ নিয়ম আমি কোনো তাৰ ঊৰ্ধত নহও কিন্তু তথাপিও এনেকুৱা মৃত্যুৰ ঘটনা এক কল্পনাতীত বিষয় হৈ পৰিছে । সঁচাকৈয়ে নিঃসংগতাই আগুৰি ধৰিছে পৃথিৱীখন…!
হে বীৰ ! আপোনাৰ আত্মাই বৈকুণ্ঠ লাভ কৰক। বিৰল হৈ ৰওক আপোনাৰ আত্মবলিদান। যুগে যুগে চিৰস্মৰণীয় হৈ ৰওক আপোনাৰ প্ৰেমগাঁথা। এক শোকাবহ পৰিস্থিতিৰ সাক্ষী হৈ আমি আজি সঁচাকৈয়ে লজ্জিত ” মানুহে মানুহৰ বাবে ” গীতটিয়ে আজি আত্মানুশোচনাত দ্গ্ধ কৰিছে…..!
গতিকে, অৱশেষত ক’ব বিচাৰোঁ যে আজি তেখেত কালিলৈ আন কোনোবা পৰহি নিজৰ পৰিয়ালৰ কাৰোবাৰ যে এনে দশা নহ’ব তাৰ কি নিশ্চয়তা আছে ? সেয়েহে উশাহবোৰ শেষ নিশাহ নহওতেই আপোনজন বা আন যিয়েই নহওক মানৱতাৰ খাতিৰত, মনুষ্যত্বৰ গুণবোৰ জীয়াই ৰাখিবলৈ সকলোৱে উদাৰ হোৱাৰ প্ৰয়োজন । সংগহাৰাৰ সংগী হোৱাৰ প্ৰয়োজন , নিঠৰুৱাৰ আকাশ হোৱাৰ প্ৰয়োজন। ন’হলে আমি বিশাল জনাৰুণ্যত নিঃসংগতাত ভুগি আত্মজাহ দিয়াৰ বাহিৰে কোনো উপায় নাথাকিব। একাকীত্বই এনেকৈয়ে হনন কৰিব অজস্ৰ লোকৰ জীৱন…!