বিল্ডাৰ পৱন আগৰৱালাৰ বিভিন্ন দুষ্কাৰ্য আৰু প্ৰাপ্য ধন আদায় দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট

বিল্ডাৰ পৱন আগৰৱালাৰ বিভিন্ন দুষ্কাৰ্য আৰু প্ৰাপ্য ধন আদায় দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট

ৰঙিলী বাৰ্ত্তাসেৱা-  অনিৰ্দিষ্ট কাললৈ চচলত আৰম্ভ হয় অৱস্থান ধৰ্মঘট৷ অৱস্থানত সমৰ্থন জনাই উপস্থিত থাকে দল/সংগঠন৷ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতা যাদব গগৈ, কংগ্ৰেছ দলৰ মুখপাত্ৰ পলাক্সী দাস আৰু হিন্দু সুৰক্ষা সেনাৰ সাধাৰণ সম্পাদক কাঞ্চন নাথ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰাম তালুকদাৰ, শৰৎ বৰাৰ উপৰিও শুভকাংখী সকলে অংশ গ্ৰহণ কৰে।বিল্ডাৰে কৰা বিভিন্ন দুষ্কাৰ্য সমূহ হৈছে- মাটি বলপূৰ্বকভাৱে দখল কৰা, প্ৰাপ্য ধন আদায় নিদিয়া, এহাল বিতৰ্কিত দম্পতীক লগত লৈ কেইবাবাৰো হত্যাৰ চেষ্টা চলোৱা, পৌৰনিগমৰ বিধি উলংঘা কৰি ১২৭০ বৰ্গফুট এলেকা অতিৰিক্তভাৱে নিৰ্মাণ কৰি বিপদত পেলোৱা, পাৰ্কিং ভাৰাত লৈ অন্য লোকক বিক্ৰী কৰাকে ধৰি আন বহু দুষ্কাৰ্য। গণতন্ত্ৰিক আৰু মানৱ অধিকাৰ ৰক্ষাৰ বাবে এজন সচেতন নাগৰিক আৰু সক্ৰিয় সমাজকৰ্মী হিচাপে ৰাজকুমাৰ বৈশ্যই আৰম্ভ কৰিছো এই প্ৰতিবাদ৷