বিলৈ কলমৰ
আজিৰ কলম আৰু আগৰ কলম……
ৰূপত বৈষম্যতা নাই বাৰু
যদিও চলন শক্তিত বে-হিচাপ পাৰ্থক্য__!!
আগৰ কলমত আত্মা আছিল–
আগৰ কলমে কথা পাতিছিল–
মাথোঁ কাগজৰ সতেই নহয়,
বিবেকৰ সতে হৃদয়ৰ স’তে–
সমাজৰ সতে দেশৰ স’তে–
হাঁহিছিল হঁহুৱাইছিল–
কান্দিছিল কন্দুৱাইছিল–
দেশৰ বৃহৎ আসনবোৰে সদায়
টাইফয়েড জ্বৰত ভুগিছিল!!
আজিৰ গুৰুসংখ্যক কলমে
নিষ্ঠাৰে নিজৰ কাৰ্য সম্পাদন কৰে,
চেলেকা কাৰ্য
জিভা আৰু ভৰিৰ মৰ্যাদা
একাকাৰ কৰা কলমবোৰ
বাক-দাপটতাত বৰ চহকী।।
প্ৰয়োজনত বিকে
কিছুৱে আত্মসন্মান…..
কিছুৱে সক্ষমতা…..
কিছুৱে স্বাধীনতা.….
কিছুৱে পংগু কলম……
কাজি শ্বাহাদত ইছলাম