বিমানবন্দৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশাল আদৰণি জনায় টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁইক
অনলাইন বাৰ্তাসেৱা – টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জপদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে অসমলৈ উভতি অহাৰ পিছত এক বিশাল আদৰণি লাভ কৰে। টকিঅ’ত ৱেলটাৰৱেট শ্ৰেণীৰ ছেমিফাইনেলত পৰাজিত হোৱা লাভলীনাই আজি (১২ আগষ্ট) পুৱা গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় য’ত তেওঁক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়।
“গৌৰৱ আৰু গৌৰৱৰ সৈতে, মই আমাৰ বিজয়ী তাৰকা লাভলীনা বৰগোহাঁইক বিমান বন্দৰত উষ্ম আদৰণি জনালোঁ ৷এই অনন্য সফলতাৰে লাভলীনাই আমাৰ গ্ৰামাঞ্চলৰ উদীয়মান খেলুৱৈসকলকো বিশ্বৰ ক্ৰীড়াক্ষেত্ৰখনত নিজৰ নিপুণতা প্ৰদৰ্শনেৰে উজলি উঠাৰ সপোন ৰচিবলৈ উদ্বুত কৰি তুলিছে,” অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি টুইট কৰে।