বিমল বৰাই পৌৰসভা নিৰ্বাচনৰ ফলাফলক লৈ কৰা মন্তব্যক গৰিহণা দিব্যাংগ মঞ্চৰ

বিমল বৰাই পৌৰসভা নিৰ্বাচনৰ ফলাফলক লৈ কৰা মন্তব্যক গৰিহণা দিব্যাংগ মঞ্চৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   ৯ মার্চত মন্ত্রী বিমল বৰাই পৌৰ সভা নিৰ্বাচনৰ ফলাফলক লৈ সংবাদ মাধ্যম যোগে অসম জাতীয় পৰিষদ দল আছুৰ এক পঙ্গু সন্তান , আছুৱে এটা পঙ্গু সন্তান জন্ম দিছে বুলি বাৰে বাৰে কিছু ঠাট্টা সূচক মন্তব্য কৰাত  গুৱাহাটী প্ৰেছ ক্লাবত দিব্যাংগ মঞ্চই সংবাদ মেল যোগে গৰিহণা দিয়ে৷সংবাদ মেলত সংগঠনটোৰ মুখ্য উপদেষ্টা দুলু আহমেদ,কাৰ্যকৰী সভাপতি মোহাম্মদ মোস্তাফা কামাল,সম্পাদক চেমিম আহমেদে কয়- যি সময়ত ভাৰতৰ প্রধানমন্ত্ৰী গৰাকীয়ে বিশেষভাৱে সক্ষম লোক সকলক সন্মান দিয়াৰ উদ্দেশ্যে দিব্যাংগজন বুলি সম্বোধন কৰাৰ লগতে সেই সকল লোকৰ বাবে কিছু চৰকাৰী আঁচনিৰো ব্যৱস্থা কৰি আহিছে ঠিক তেনে এক সময়তে অসম চৰকাৰৰ মন্ত্রী বিমল বৰাই সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱাভাৱে অসম জাতীয় পৰিষদ দলক আছুৰ এক পঙ্গু সন্তান , আছুৱে এটা পঙ্গু সন্তান জন্ম দিছে বুলি বাৰে বাৰে তাচ্ছিল্যসূচক মন্তব্য দিয়াটো কেতিয়াও গ্রহণ যোগ্য নহয় । বিৰোধী ৰাজনৈতিক দলক সমালোচনা কৰিবলৈ গৈ এনেদৰে অনাহকতে বিশেষভাৱে সক্ষম লোকসকলক টানি আনি উপলুঙা কৰা কাৰ্য গৰিহণাৰ যোগ্য । অসম জাতীয় পৰিষদ দলক এটা ৰাজনৈতিক দল হিচাপে গণতান্ত্রিকভাৱে সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে , কিন্তু সমালোচনা কৰিবলৈ গৈ বিশেষভাৱে সক্ষম লোক সকলক সাঙুৰি ঠাট্টা আৰু অসন্মান কৰাৰ অধিকাৰ কাৰো নাই । তেনেস্থলত তেওঁ এগৰাকী অসমৰ দায়িত্বশীল মন্ত্ৰী হৈ এই ধৰণৰ পঙ্গু সন্তান , পঙ্গু সন্তান বুলি কৰা মন্তব্যই কেৱল বিশেষভাৱে সক্ষম লোক সকলক ঠাট্টা আৰু অসন্মান কৰাই নহয় , বিশেষভাৱে সক্ষম লোক সকলৰ পিতৃ মাতৃৰ মনটো বেয়াকৈ আঘাত দিছে । আনকি বিশেষভাৱে সক্ষম লোক সকলক পংগু বুলি উপলুঙা কৰাটো আইন বিৰোধী কাৰ্য৷ মন্ত্ৰী গৰাকীক দাবী জনাওঁ যে অনতিবিলম্বে তেওঁ সংবাদ মাধ্যমযোগে বিশেষভাৱে সক্ষম লোক সকলক ঠাট্টা আৰু অসন্মান কৰি পঙ্গু সন্তান বুলি দিয়া মন্তব্য উঠাই লৈ ৰাজহুৱাভাৱে তেওঁলোকৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰে । ইয়াৰ অন্যথাই তেওঁ অসমৰ ৰাইজৰ লগতে বিশেষভাৱে সক্ষম লোক সকলৰ ওচৰত জবাবদিহি হ’ব লাগিব৷সংবাদ মেলত দিব্যাংগ মঞ্চৰ উপসভাপতি জগন্নাথ তালুকদাৰ,সদৌ অসম বিকলাংগ উন্নয়ন পৰিষদৰ সম্পাদক মাধৱী দাস,অসম দৃষ্টিহীন যুৱ উন্নয়ন পৰিষদৰ সম্পাদক চাদেক আলী উপস্হিত থাকে৷