বিবিচিৰ কাৰ্যালয়ত আয়কৰৰ তালাচীক গৰিহণা অসম তৃণমূলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ইফালে বুধবাৰে নতুন দিল্লী আৰু মুম্বাইস্থিত বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগে চলোৱা তালাচীৰ সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। তেওঁ কয়,’মঙলবাৰে নতুন দিল্লী আৰু মুম্বাইস্হিত বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ জৰিয়তে তালাচী চলোৱাই বিজেপি চৰকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আন এক মোক্ষম আঘাত হানিলে। ২০০২ চনৰ গুজৰাটৰ গোধৰা কাণ্ড সন্দৰ্ভত নিৰ্মাণ কৰা ‘India: The Modi Question’ শীৰ্ষক তথ্যচিত্ৰৰ সম্প্ৰচাৰ কৰাৰ পাছতে বিবিচিৰ বিৰুদ্ধে উঠি পৰি লাগিল বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তথ্যচিত্ৰ নিৰ্মাণৰ লগে লগে বিজেপি চৰকাৰে বিবিচিত দুৰ্নীতি দেখা পালে। এয়া নিত্যান্তই গৰিহণাৰ যোগ্য। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ পূৰ্বে ভাৰতত এই তথ্যচিত্ৰৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল ভাৰত চৰকাৰে।বৰাই লগতে বিজেপি চৰকাৰে ক্ৰমাগতভাৱে সংবাদ মাধ্যমৰ ওপৰত শীতল আক্ৰমণ চলাই অহাৰ অভিযোগ উত্থাপন কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এই আঘাত দেশৰ বাবে অশুভ বুলি মন্তব্য কৰে।