বিপুল খাটনিয়াৰৰ ২য় মৃত্যু বাৰ্ষিকী পালনৰ প্ৰস্তুতি

বিপুল খাটনিয়াৰৰ ২য় মৃত্যু বাৰ্ষিকী পালনৰ প্ৰস্তুতি

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ উদ্যোগত আৰু বিপুল খাটনিয়াৰ সোঁৱৰণী মঞ্চৰ সহযোগত নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন সম্পাদক প্ৰগতিশীল গল্পকাৰ প্ৰয়াত বিপুল খাটনিয়াৰৰ ২য় মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰাৰ বাবে মহানগৰীত ব্যাপক প্ৰস্তুতি হাতত লোৱা হৈছে।আজি মহানগৰীৰ জ্যোতিকুছিত ডাঃ অনিল কুমাৰ চৌধুৰীৰ বাসভৱনত অনুষ্ঠিত হোৱা পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ ১৪৪ সংখ্যক বৈঠকত এই বিষয়ে আলোচনা কৰি বিপুল খাটনিয়াৰ স্মাৰক বক্তৃতা অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ সভাখন মহানগৰীত ৪ জুলাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়দড৹ নিলীমা দত্ত চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু বিগত বৈঠকৰ প্ৰতিবেদন পাঠ কৰে শাখাৰ সম্পাদিকা শিল্পীৰেখা চেতিয়া গগৈয়ে। অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে শিপ্ৰা নাগ, অঞ্জনা বৰুৱা, মদন দাস, ডাঃ অনিল কুমাৰ চৌধুৰী, অজয় ডেকা, ৰুমী শইকীয়া ডেকা, কমল দে, শিল্পীৰেখা গগৈ আৰু সুভাষ শৰ্মাই। ভাৰত চন্দ্ৰ দত্তই কেইটামান লিমাৰিক পাঠ কৰে। প্ৰবন্ধ পাঠ কৰে মদন চন্দ্ৰ দাস আৰু যামিনী অধিকাৰী দত্তই। ডাঃ নিলীমা দত্ত চৌধুৰীয়ে এটি ৰসাল স্মৃতিলেখা আৰু অভয় ডেকাই এটি ভ্ৰমণ কাহিনী পাঠ কৰাৰ পাচত স্বৰচিত লেখা পাঠ কাৰ্যসূচীৰ অন্ত পৰে।বিপুল খাটনিয়াৰৰ ২য় মৃত্যু বাৰ্ষিকীৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায় সুভাষ শৰ্মা, ৰীণা ৰায় খাটনিয়াৰ, ডাঃ অনিল কুমাৰ চৌধুৰী, অভয় ডেকা, অজয় ডেকা, ভাৰত চন্দ্ৰ দত্ত, নীলীমা দত্ত চৌধুৰী আৰু নীৰেণ দত্তই। সভাপতিৰ চমু মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়ায় শিল্পীৰেখা চেতিয়া গগৈয়ে।