বিদ্যুৎ সংকটৰ গ্ৰাসত অসম

বিদ্যুৎ সংকটৰ গ্ৰাসত অসম

ৰঙিলী বাৰ্ত্তাসেৱা- প্রচণ্ড গ্রীষ্মপ্ৰৱাহে দেশৰ বিভিন্ন প্ৰান্তত ভয়াৱহ সংকট কঢ়িয়াই অনাৰ সময়তে  উৎকট গৰমে অসমকো দহিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎকট গৰমে স্বাভাৱিক জীৱনযাত্রা একপ্ৰকাৰ ব্যাহত কৰি তুলিছে। পাৰাস্তম্ভ ঊর্ধ্বমুখী হোৱাৰ লগে লগে ৰাজ্যজুৰি বাঢ়িছে বিদ্যুতৰ চাহিদাও। সাধাৰণ ফেন দূৰৰ কথা, শীত-তাপ নিয়ন্ত্রিত যন্ত্রয়ো যেন ৰাইজক সকাহ দিব পৰা নাই উৎকট গৰমৰ যন্ত্ৰণাৰ পৰা। বিগত কিছুদিন ধৰি গৰম বাঢ়ি যোৱাৰ লগে লগে ৰাজ্যৰ ঠায়ে ঠায়ে বাঢ়িছে লোডশ্বেডিঙৰ প্রকোপ। গ্রামাঞ্চলতো বাদেই, গুৱাহাটী মহানগৰীতো সঘন হোৱা বিদ্যুৎ কর্তনত জীয়াতু ভুগিবলগীয়া হৈছে জনসাধাৰণে। একপ্ৰকাৰ ক’বলৈ হ’লে গৰম বৃদ্ধিৰ বাবে প্ৰচণ্ড বিদ্যুৎ সংকটৰ গ্ৰাসত পৰিবলগীয়া হৈছে অসম। ইয়াৰ পাছতো বিদ্যুতৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰতো সফল হ’ব পৰা নাই ৰাজ্যৰ শক্তি বিভাগ। বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে, উৎকট গৰমৰ বাবে পিক আৱাৰত বিদ্যুতৰ প্রয়োজনীয়তা প্রতিদিনে ৩,০০০ মেগাৱাটৰ পৰা প্ৰায় ৩,৫০০ মেগাৱাটলৈ বৃদ্ধি পাইছে।  বিগত বৰ্ষত কিছুদিনৰ বাবে গ্রীষ্মপ্ৰৱাহে দহিছিল অসম। কিন্তু সেই সময়ছোৱাত পিক আৱাৰত প্ৰতিদিনে বিদ্যুতৰ চাহিদা প্রায় ২,২০০ মেগাৱাটৰ পৰা ২,৫০০ মেগাৱাটলৈ বৃদ্ধি পাইছিল। কিন্তু এই দৃশ্যপট এইবাৰ সলনি হৈছে। কিন্তু এইবাৰ পাৰাস্তম্ভ গুৱাহাটী মহানগৰীত প্রায় ৪০.৩ ডিগ্ৰীৰ ঘৰ চুইছেগৈ। যদিও ৪০ ডিগ্রী উষ্ণতা হৈছে তথাপি কিন্তু গৰমৰ প্ৰভাৱ প্রায় ৫০ ডিগ্রী চেন্টিগ্ৰেটৰ দৰেই অনুভৱ কৰিছে ৰাইজে। গতিকে স্বাভাৱিকতে বিদ্যুতৰ চাহিদাও পূৰ্বৰ তুলনাত ৫০০-১,০০০ মেগাৱাটলৈ পিক আৱাৰ্ছত বৃদ্ধি পাইছে। উল্লেখ্য যে শক্তি বিভাগৰ তথ্য মতে, নিজস্ব উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা ক্ষমতা হৈছে ৩৭৯.৭ মেগাৱাট। বিভাগৰ অধীনৰ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্রকল্পত ১০০ মেগাৱাট, মিনট্রিয়াং ক্ষুদ্র জলবিদ্যুৎ প্রকল্পত ৩ মেগাৱাট, নামৰূপ তাপবিদ্যুৎ প্রকল্পত ১১৯.৫ মেগাৱাট আৰু লাকুৱা তাপবিদ্যুৎ প্রকল্পত ১৫৭.২ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা ক্ষমতা আছে। সূত্ৰটোৱে সদৰী কৰা মতে, বিভিন্ন কাৰিকৰী কাৰণত সৰ্বমুঠ উৎপাদন ক্ষমতাৰ পৰিৱৰ্তে কম পৰিমাণৰ বিদ্যুৎ শক্তিহে প্রকল্পকেইটাই নিজস্বভাবে উৎপাদন কৰে। শেহতীয়াকৈ শক্তি বিভাগৰ নিজস্ব প্রকল্পকেইটাৰ পৰা ২৮০-৩০০ মেগাৱাট বিদ্যুতহে উৎপাদন হৈ আছে। কাৰিকৰী কাৰণত কেতিয়াবা উক্ত পৰিমাণতকৈও কম বিদ্যুৎ উৎপাদন হয়। শেহতীয়াকৈ বৰষুণৰ অভাৱত জলবিদ্যুৎ প্রকল্পকেইটাৰ পৰা যি পৰিমাণৰ বিদ্যুৎ উৎপাদন হ’ব লাগিছিল তাতকৈ যথেষ্ট কম পৰিমাণৰ বিদ্যুতহে উৎপাদন কৰিব পৰা গৈছে। যাৰ পৰিণতিত প্রায় ৮০ শতাংশ প্রয়োজনীয় বিদ্যুতৰ চাহিদা বাহিৰা উৎসৰ পৰা ক্ৰয় কৰি বিভাগে ৰাইজক দিবলগীয়া হৈছে। অৱশ্যে ইয়াৰ মাজতো ৰাজ্যিক অংশ অথবা আন কেন্দ্রীয় প্ৰকল্পৰ সৈতে থকা বুজাবুজি চুক্তিৰ আধাৰত কিছু পৰিমাণৰ বিদ্যুৎ অসমে ৰাজসাহায্য হিচাপে লাভ কৰে যদিও পৰিমাণত সেয়া নিচেই নগণ্য। সম্প্ৰতি ফাৰাক্কা, ত্ৰিপুৰাৰ পালাটনা, এনএইচপিচি অথবা নীপকোকে ধৰি বিভিন্ন কেন্দ্রীয় বিদ্যুৎ উৎপাদক সংস্থাৰ পৰা অসমে বিদ্যুৎ ক্ৰয় কৰি ঘাটি পূৰাবলগীয়া হৈছে। কিন্তু শেহতীয়াকৈ অকল অসমতেই নহয়, দেশজুৰি প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন ৰাজ্যত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে। বিশেষকৈ মুম্বাই, কলকাতা, দিল্লী, উত্তৰ প্ৰদেশকে ধৰি কেতবোৰ বৃহৎ ৰাজ্যত বিদ্যুতৰ চাহিদা ইমানেই বৃদ্ধি পাইছে যে অসমে পইচা দিও বিদ্যুৎ ক্ৰয় কৰিবলৈ সুবিধা নোপোৱা হৈছে। সূত্ৰটোৰ মতে, সম্প্ৰতি প্রচণ্ড গ্রীষ্মপ্ৰৱাহৰ বাবে অকল দেশৰ ৰাজধানী দিল্লীত পিক আৱাৰত ৮,০০০ মেগাৱাটৰ অধিক বিদ্যুৎ প্রতিদিনে প্রয়োজন হৈ পৰিছে। এয়া মাথোঁ এটা উদাহৰণহে। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত প্রতি ইউনিটত প্রায় ১৪ টকা আদায় দি গ্রাহকে বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে। অকল এদিনতে নহয়, প্রতিদিনেই তাপমাত্রা বৃদ্ধিৰ লগে লগে বিদ্যুতৰ চাহিদা বৃদ্ধি হৈ আছে। সূত্ৰটোৱে উল্লেখ কৰা মতে, আজি যিমানখিনি পৰিমাণৰ বিদ্যুৎ শক্তি বিভাগে বাহিৰা উৎসৰ পৰা ক্ৰয় কৰিছে কাইলৈ হয়তো সেই পৰিমাণ বাঢ়িবও পাৰে নাইবা কমি যাবও পাৰে। তদুপৰি গড় হিচাপত বিগত কিছু বছৰৰ পৰা অসমত বিদ্যুতৰ চাহিদা যথেষ্ট বাঢ়িছে। বিভাগীয় সূত্ৰটোৰ মতে, প্রতিবছৰে এই প্ৰয়োজনীয়তা ২০-২২ শতাংশলৈ বাঢ়িছে। বিভাগে নিজস্ব উৎপাদন বৃদ্ধি নকৰাপৰ্যন্ত বহিঃৰাজ্যৰ শক্তিৰ উৎসসমূহৰ ওপৰতে অসমে নিৰ্ভৰশীল হৈ থাকিব লাগিব। মন কৰিবলগীয়া যে শক্তি বিভাগৰ বিদ্যুতৰ এই নাটনিৰ জোৰা মাৰিবলৈ চেষ্টা অব্যাহত থকাৰ সময়তে ৰাজ্যজুৰি বিভিন্ন প্রান্তত সঘনাই হোৱা লোডশ্বেডিঙৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে ফেন অথবা শীত-তাপ নিয়ন্ত্রিত যন্ত্র ক্ৰয় কৰিছে। কিন্তু ক্ৰয় কৰাৰ পাছত যন্ত্ৰ চলাবলৈ প্রয়োজনীয় বিদ্যুৎ নাপাই ক্ষুব্ধ হৈও পৰিছে। বিভাগীয় সূত্ৰটোৰ মতে, ৰাইজে সন্মুখীন হোৱা এই দুৰৱস্থা শক্তি বিভাগে গুৰুত্বসহকাৰে গ্ৰহণ কৰি সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু বহিঃউৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ গৈ একে সময়তে শক্তি বিভাগে যথেষ্ট আর্থিক সংকটৰো সন্মুখীন হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ প্ৰতিবেদন শক্তি বিভাগে প্ৰেৰণ কৰিছে।