বিদ্যুৎ যোগান স্বাভাৱিক কৰাৰ দাবীত মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত যোৱা কেইবাদিন ধৰি কালধুমুহা আৰু বৰষুণৰ ফলত বিভিন্ন জিলাৰ বহু অঞ্চল বিদ্যুৎ সংযোগহীন হৈ পৰিছে।এইবোৰ অঞ্চলৰ মেৰামতিৰ কাম দ্ৰুত সম্পন্ন কৰি বিদ্যুৎ যোগান স্বাভাৱিক কৰাৰ দাবীত অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েশ্যনৰ ৰাজ্যিক কমিটীয়ে ৰাজ্যৰ বিদ্যুৎ মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ অনলাইন যোগে প্ৰেৰণ কৰে।এছচিয়েশ্বনৰ ৰাজ্যিক আহ্বায়ক অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্য স্বাক্ষৰিত স্মাৰকপত্ৰ খনত অভিযোগ কৰি কয় যে, ডিগবৈ,মাৰ্গাৰিটা,ধুবুৰী, কৰিমগঞ্জ,নলবাৰী, মৰিগাঁও সহ অন্যান্য জিলাৰ বহু স্থানত কেইবাদিন অতিবাহিত হোৱাৰ পাছতো বিদ্যুৎ বিভাগে বিদ্যুৎ যোগান স্বাভাৱিক কৰিব পৰা নাই।এই অঞ্চলসমূহত বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল সকলো ধৰণৰ প্ৰয়োজনীয় সেৱা প্ৰায় স্তব্ধ হৈ পৰিছে।অতীততো ধুমুহাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে, কিন্তু এইবাৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত লেহেমীয়া গতিৰ ফলত জনসাধাৰণে দুৰ্ভোগ ভূগিবলগীয়া হৈছে।বহু অঞ্চলত অত্যন্ত কম ভল্টেজৰ কাৰণে বিদ্যুৎ থকা নথকা একেই হৈছে। এছচিয়েশ্বনে অতি দ্ৰুত মেৰামতিৰ কাম সম্পন্ন কৰি বিদ্যুৎ যোগান স্বাভাৱিক কৰাৰ দাবী জনোৱাৰ লগতে অহা দিনত এই ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ’লে বাৰ ঘন্টাৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে বিদ্যুৎ বিভাগে দক্ষ টাক্স ফৰ্চ সষ্টম কৰি ৰখাৰো দাবী জনোৱা হয়।