বিদ্যালয়ত মিলন
কৰুণাৰ বাবে বিদ্যালয় হেৰাল,
নুবুজা সাঁথৰ আৰু এটি মায়াজাল।
ঈশ্বৰক যেন জনাইছিলোঁ শত কৌটি প্রণাম,
এইটো আশা লৈ যে পুনৰ বিদ্যালয় যাম।
সচাকৈ! কেনে আছিল সেই দিনবোৰ,
শুনিছিলোঁ কৰুণ কান্দোনৰ সুৰ।
ঈশ্বৰে যেন শুনিলে এই মিনতি,
বিদ্যালয় পুনৰ যেন হ’ল আৰম্ভণি।
বিদ্যালয়খনি যেন নিমাত হৈ আছিল,
ছাত্ৰ ছাত্ৰীৰ যেন সেই মাত হেৰাইছিল।
বিদ্যালয় গৈ মই অনুভৱ কৰিছো,
বিদ্যালয়ে যেন কিবা কৈছে, এনে শুনিলোঁ।
বিদ্যালয়ে কৈছে যেন সেই দিনবোৰৰ কথা,
নিজান নিমাত হৈ আছিল দেৱাল মজিয়া।
মজিয়াত যেন নাই ছাত্ৰ ছাত্ৰীৰ খোজবোৰ,
দেৱালবোৰৰো যেন পৰা নাই হিয়া জোৰ।
মোক প্ৰতিটো বস্তুৱে যেন প্ৰশ্ন কৰিছে,
কেনে লাগিছিল আমাৰ বাৰু জানানে?
প্ৰতিটো উশাহ আৰু প্ৰতিটো কথাতে যেন প্রশ্ন আছিল,
ছাত্র ছাত্রীক দেখি যেন অতি আনন্দিত হৈছিল।
বন্ধুবৰ্গক কত দিনৰ পাছত দেখা পালোঁ,
শ্ৰদ্ধাৰ শিক্ষকৰো যেন মাত শুনিলোঁ।
কিমান যে মধুৰ এই বিদ্যালয়ত মিলন,
বিদ্যালয়ৰ হাততে আছে আমাৰ জীৱন।
কৰুণা ভাই আৰু কেতিয়াও নাহিবি,
ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস নকৰিবি।
-নিতিষ্মান দাস
সপ্তম শ্রেণী