বিতৰ্কৰ মাজতে তিৰুপতিত যোৱা চাৰিদিনত ১৪ লাখ লাডু বিক্রী

বিতৰ্কৰ মাজতে তিৰুপতিত যোৱা চাৰিদিনত ১৪ লাখ লাডু বিক্রী

ৰঙিলী বাৰ্ত্তাসেৱা- অন্ধ্রপ্রদেশৰ তিৰুপতিৰ ভগৱান শ্রীভেংকটেশ্বৰ মন্দিৰৰ লাড়ুত জন্তুৰ চৰ্বি বিশেষকৈ গৰু আৰু গাহৰিৰ চৰ্বিৰ লগতে মাছৰ তেল ধৰা পৰা বিতৰ্কৰ প্ৰতিক্রিয়া অব্যাহত থকাৰ সময়তো তিৰুপতি লাডুৰ প্ৰতি আস্থা-বিশ্বাস অটুত আছে ভক্তৰ। তিৰুপতিৰ লাড়ুত জন্তুৰ চৰ্বিৰ স্থিতি ধৰা পৰাৰ পাছতে মন্দিৰটোৰ লাড়ুৰ প্ৰতি ভক্তৰ অকণো আস্থা কমা নাই। লাড়ু বিতৰ্কৰ পাছত চাৰি দিনত ১৪ লাখ লাড্ডু বিক্রী হৈছে। মন্দিৰ কর্তৃপক্ষই প্ৰকাশ কৰা মতে, ১৯ ছেপ্টেম্বৰত ৩.৫৯ লাখ লাড্ডু বিক্ৰী হোৱাৰ বিপৰীতে ২০ ছেপ্টেম্বৰত ৩.১৮ লাখ, ২১ ছেপ্টেম্বৰত ৩.৬৭ লাখ আৰু ২২ ছেপ্টেম্বৰত ৩.৬০ লাখ লাড়ু বিক্রী হৈছে। তথ্য মতে, প্রতিদিনে গড়ে ৩.৫ লাখ লাড় বিক্রী হৈছে। ভেংকটেশ্বৰ ৰাও নামৰ ভক্ত এজনে প্ৰকাশ কৰা মতে, তেওঁলোকৰ আস্থাক এনেকুৱা বিতর্কই হ্রাস কৰিব নোৱাৰে। ভগৱানৰ প্ৰতি আস্থা-বিশ্বাস অতি শক্তিশালী।উল্লেখ্য যে প্রতিদিনে তিৰুপতি মন্দিৰটোত ৩.৫ লাখ লাড়ু প্ৰস্তুত কৰা হয়। প্রতিদিনেই মন্দিৰটোলৈ অহা ভক্তই এই লাড়ু বহু পৰিমাণে ক্ৰয় কৰি লৈ যায়। তিৰুপতিৰ ভগৱান শ্রী ভেংকটেশ্বৰ মন্দিৰত প্ৰতিদিনে ৩.৫ লাখ লাড়ু প্ৰস্তুত কৰা হয় আৰু সেই লাড়ু ভক্তসকলক প্রসাদ হিচাপে আগবঢ়োৱা হয়। ৩.৫ লাখ লাডু প্ৰস্তুত কৰিবলৈ ৪০০-৫০০ কিলোগ্রাম ঘী, ৭৫০ কিলোগ্রাম কাজু বাদাম, ৫০০ কিলোগ্রাম কিচমিচ আৰু ২০০ কিলোগ্রাম ইলাচী ব্যৱহাৰ কৰা হয়। ইপিনে তিৰুপতিৰ লাডুত গৰু-গাহৰিৰ চৰ্বিৰ তেল, মাছৰ তেলৰ স্থিতি ধৰা পৰা বিষয়টোক লৈ দেশ কঁপাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আজি মন্দিৰৰ কৰ্তৃপক্ষৰ জৰিয়তে ঘী যোগানকাৰী প্ৰতিষ্ঠানলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৰ পৰা তিৰপতিৰ লাডুক লৈ বিতং প্রতিবেদন বিচৰাৰ পাছত চৰকাৰে ঘী যোগানকাৰীলৈ জাননী জাৰি কৰিছে।