বিজ্ঞানৰে নহয়, গণিতৰ প্ৰশ্নকাকতো ফাদিল
ৰঙিলী বাৰ্ত্তাসেৱা- বিজ্ঞানৰে নহয়, গণিতৰ প্ৰশ্নকাকতো ফাদিল! ধেমাজিত প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে। নকল কৰি এজন ছাত্ৰ ধৰা পৰাৰ পিছতে পোহৰলৈ আহে প্ৰশ্নকাকত ফাদিলৰ কথা। ধেমাজিৰ জোৰকটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল এই ঘটনা। নকল কৰি বহিষ্কাৰ হৈছিল এজন পৰীক্ষাৰ্থী। ছাত্ৰজনে উল্লেখ কৰা মতে, নকলৰ ক্ৰমিক নম্বৰৰ সৈতে সম্পূৰ্ণ মিল আছিল প্ৰশ্নকাকতৰ। ৬ নম্বৰৰ পৰা ২১ নম্বৰলৈ মিলিছিল প্ৰশ্ন। ৪৫ নম্বৰৰ প্ৰশ্নৰ হুবহু মিল আছিল। এটা হোৱাটছএপ গ্ৰুপত এড কৰিছিল পৰীক্ষাৰ্থীজনক। লখিমপুৰৰ এজন ল’ৰাই এড কৰিছিল পৰীক্ষাৰ্থীজনক। ল’ৰাজনক চিনি নাপায় পৰীক্ষাৰ্থীজনে। ঢকুৱাখনাৰ বকুলগুৰিৰ আৰু এজন ছাত্ৰকো কৰিছিল এড। এই হোৱাটছএপ গ্ৰুপটোতে শ্বেয়াৰ হৈছিল গণিতৰ প্ৰশ্নকাকত। পৰীক্ষাৰ আগদিনা ৫ বজাত পাইছিল প্ৰশ্নকাকত। এই কথা স্বীকাৰ কৰিছে ছাত্ৰজনে।