বিজেপিৰ সদস্য হৰেকৃষ ভৰালীৰ মৃত্যু

বিজেপিৰ সদস্য হৰেকৃষ ভৰালীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টিলৈ প্ৰতিটো ক্ষণতে সমৰ্পিত মনোভাৱেৰে জড়িত হৈ থকা বিজেপিৰ সদস্য হৰেকৃষ্ণ ভৰালীৰ মঙলবাৰে নিশা মৃত্যু হয়৷ ১৯৯২ চনৰ পৰাই তেওঁ বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰ্যত জড়িত আছিল৷বিশেষকৈ ২০০৪ চনৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে আন বহুতো বিজেপি মন্ত্ৰী,বিধায়ক আদিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল ৷ভৰালীৰ মৃত্যুত বিজেপি কৰ্মীসকল অতিকৈ মৰ্মাহত হৈছে ৷  দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত ভৰালীক পুষ্পাঞ্জলি অৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁৰ আত্মাই যাতে বৈকুণ্ঠত স্থান লাভ কৰে তাকে কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ, বন্ধুবৰ্গ তথা শুভাকাংক্ষীসকললৈ সমবেদনা জ্ঞাপন কৰে ৷