বিজেপিৰ অভিধানত প্রমোচন-ডিমোচন বুলি কোনো শব্দ নাইঃ দিলীপ শইকীয়া

বিজেপিৰ অভিধানত প্রমোচন-ডিমোচন বুলি কোনো শব্দ নাইঃ দিলীপ শইকীয়া

ৰঙিলী বাৰ্ত্তাসেৱা- আনুষ্ঠানিকভাবে সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে  বশিষ্ঠস্থিত বাজপেয়ী ভৱনত উপস্থিত হৈ সভাপতি দিলীপ শইকীয়া। বাজপেয়ী ভৱনত উপস্থিত হোৱা সভাপতি দিলীপ শইকীয়াই আগন্তুক সময়ত দলে প্রত্যাহ্বান গ্ৰহণ কৰি আগুৱাই যাব বুলি পুনৰ মন্তব্য কৰে। জাতি- মাটি-ভেটিৰ সুৰক্ষা সুনিশ্চিত কৰি ৰখাৰ বাবে সমর্পিত মনোভাবেৰে ঐক্যবদ্ধভাৱে দলীয় কাৰ্য সবল কৰি তুলিবলৈ দলৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাই সভাপতি দিলীপ শইকীয়াই কয় যে বিজেপিৰ সভাপতিৰ দায়িত্ব সহজ দায়িত্ব নহয়। কিন্তু এনে প্রত্যাহ্বানক অতিক্রম কৰি তৃতীয়টো কাৰ্যকালৰ বাবে অসমত এনডিএ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ এক সংকল্প লোৱা হ’ব। বিজেপিৰ জ্যেষ্ঠ আৰু কনিষ্ঠ সকলোকে লৈ দলটোৰ শ্ৰীবৃদ্ধিৰ বাবে তথা সকলোৰে সমান আশা, সমান আকাংক্ষাৰে আগন্তুক দিনত কাম কৰা হ’ব। আমি গ্রহণ কৰা এই সংকল্পত জ্যেষ্ঠ, কনিষ্ঠ সকলোৱে সঁহাৰি ইতিমধ্যে জনাইছে। ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি পদলৈ প্রমোচন হোৱা বুলি চলা চর্চাক নস্যাৎ কৰি সভাপতি দিলীপ শইকীয়াই কয় যে বিজেপিৰ অভিধানত প্রমোচন-ডিমোচন বুলি কোনো শব্দ নাই। কাৰ্যকৰ্তাৰ যোগ্যতা আৰু বৰ্তমান পৰিস্থিতি- পৰিৱেশ সাপেক্ষে ৰাষ্ট্ৰীয়-ৰাজ্যিক নেতৃত্বই নির্দিষ্ট এজনক অগ্রাধিকাৰ দি আহিছে আৰু এয়া সকলোৰে বাবে সময়োপযোগী সিদ্ধান্ত হয়। উল্লেখ্য যে সভাপতি দিলীপ শইকীয়াই  দিনৰ ভাগত মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে কেইবাজনো বিধায়ক, জ্যেষ্ঠ নেতা, বিভিন্ন মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদক, বিভিন্ন জিলা আৰু মণ্ডলৰ সভাপতিকে ধৰি বহু জ্যেষ্ঠ কাৰ্যকৰ্তাই সাক্ষাৎ কৰি শুভকামনা জ্ঞাপন কৰে। সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা দিলীপ শইকীয়াৰ ১৯ জানুৱাৰীৰ পৰা প্ৰৱাহ আৰম্ভ হ’ব। ৰাজ্যিক মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই প্ৰৱাহৰ অংশ হিচাপে ১৯ জানুৱাৰীৰ পুৱা ১১ বজাত বৰপেটা জিলাৰ বৰপেটাৰোডস্থিত ১৪৩নং বুথত উপস্থিত থাকি জনপ্রিয় ৰেডিঅ’ অনুষ্ঠান মন কী বাত শ্ৰৱণ কৰিব। ইয়াৰ পিছতে বৰপেটা জিলাই আয়োজন কৰা সংবিধান গৌৰৱ দিৱসৰ এক বিশেষ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যিক সভাপতিগৰাকী। আনহাতে উক্ত দিনাই আবেলি ৪.৩০ বজাত নলবাৰী জিলাৰ আখৰা চ’কত আয়োজিত সভা মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে কমলপুৰ সমষ্টিৰ গোৰেশ্বৰত আয়োজিত এক প্রীতিভোজত দিলীপ শইকীয়াই অংশগ্ৰহণ কৰিব।