বিজেপিত যোগদান কৰিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে

বিজেপিত যোগদান কৰিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে

ৰঙিলী বাৰ্ত্তাসেৱা- ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এমৰ জ্যেষ্ঠ নেতা চম্পাই ছোৰেনে বিজেপিত যোগদান কৰিব।৩০ আগষ্টত ৰাঁচীত আনুষ্ঠানিকভাৱে গেৰুৱা শিবিৰত যোগদান কৰিব তেওঁ।২৬ আগষ্টৰ সন্ধিয়া দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । এই বৈঠকত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ উপৰি চম্পাই ছোৰেনৰ পুত্র বাবুলাল ছোৰেনো উপস্থিত আছিল৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াত এই সাক্ষাতকাৰৰ ফটো প্রকাশ কৰি বিগত কেইবাদিনো চলি থকা ৰাজনৈতিক জল্পনা-কল্পনাৰ অন্ত পেলায়৷ ফটোখন পোষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘কিছু সময় পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰিছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আদিবাসী নেতা চম্পাই সোৰেণে। ৩০ আগষ্টত ৰাঁচীত তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব।’’হেমন্ত সোৰেণ ইডিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল প্ৰবীণ জেএমএম নেতা চম্পাইয়ে।