বিজেপিক সমালোচনাৰে গুৱাহাটী লোকসভাৰ আপৰোপ্ৰাৰ্থী ডঃ ভবেন চৌধুৰীৰ প্ৰচাৰ অভিযান

বিজেপিক সমালোচনাৰে গুৱাহাটী লোকসভাৰ আপৰোপ্ৰাৰ্থী ডঃ ভবেন চৌধুৰীৰ প্ৰচাৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে গুৱাহাটী, ডিব্ৰুগড়, শোণিতপুৰ লোকসভা সমষ্টিৰ তিনিওজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা আপ অসমৰ সভাপতি ডঃ ভবেন চৌধুৰীয়ে আজিৰে পৰা উত্তৰ পূবৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু দলীয় সদস্যসকলৰ সৈতে পূৰ্ণ গতিত প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি গুৱাহাটীৰ অন্যতম সমস্যা হৈছে প্ৰতিবেশী ৰাজ্যৰ সৈতে সীমা সংঘাত আৰু সীমান্তৰ জনতাৰ দুৰ্দশা। অসম মেঘালয় সীমান্তত থকা অসমৰ জনতাই আজিকোপতি ভাল পথ, ভাল শিক্ষা, উন্নত স্বাস্থ্যসেৱা, বিশুদ্ধ খোৱা পানী, উন্নত যোগাযোগ আদি মৌলিক সুবিধা নোপোৱাকৈ জীয়াই থাকিবলৈ বাধ্য হৈছে। মৌলিক সমস্যাৰ লগতে সীমান্তৰ জনতাই প্ৰতিদিনে সীমা সমস্যা সমাধান নোহোৱাৰ বাবে এক অৰাজক পৰিৱেশৰ মাজত জীয়াই থাকিবলগীয়া হৈছে। অসমৰ বহু ভূমি চুবুৰীয়া ৰাজ্যই হস্তগত কৰিছে। লগতে গুৱাহাটী লোকসভাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ ওচৰত থকা বহু গাঁওবাসীয়ে খহনীয়াৰ বাবে হাৰাশাস্তি খাই আহিবলগীয়া হৈছে। কিন্তু বিগত সময়চোৱাত স্থানীয় সাংসদ সকলে এই সমস্যা সমাধানৰ বাবে যি কাম কৰিব লাগিছিল অথবা সংসদত যিদৰে উত্থাপন কৰিব লাগিছিল নকৰিলে। সেয়ে এনে বহু সমস্যাৰে জৰ্জৰিত অঞ্চলবাসীক নতুন সপোনৰ বাট দেখুওৱাৰ লক্ষৰে আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হওঁ লোকসভা সমষ্টিটোৰ অন্তৰ্গত দুধনৈ বিধানসভাত থকা অসম-মেঘালয় সীমান্তৰ গাওঁসমূহত। লগতে খহনীয়াকে ধৰি নানান সমস্যাৰে ভাৰাক্ৰান্ত গৰৈমাৰীৰ জনতাৰ সতেও কৰো মত বিনিময়। তেওঁলোক অৰবিন্দ কেজৰীৱালৰ কামৰ ৰাজনীতি সম্পৰ্কে অৱগত কৰাই আমি সমষ্টিটোৰ জনতাৰ বাবে কি কি কৰিব বিচাৰিছোঁ সেই সন্দৰ্ভত ভাষণ ৰাখে ৰাজেশ শৰ্মা আৰু ডঃ ভবেন চৌধুৰীয়ে তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি পৰিৱৰ্তনৰ ৰাজনীতিক সহায় কৰিবলৈ আহ্বান জনায় ডঃ ভবেন চৌধুৰীয়ে।বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে আপয়ে বাস্তৱমুখী প্ৰতিশ্ৰুতি প্ৰদান কৰি আজিৰে পৰা গুৱাহাটীত জনতাৰ মাজত প্ৰচাৰ কাৰ্য আৰম্ভ কৰে আম আদমী পাৰ্টীয়ে।