বিজেপিক পৰাস্ত কৰি কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয়
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিক পৰাস্ত কৰি কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয়।দেশবাসীৰ দৃষ্টি নিবন্ধ হৈ থকা কৰ্ণাটকৰ ঘোষিত ফলাফলত ২২৪খন আসনৰ ভিতৰত ১৩৬খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক সংখ্যা সহজে অতিক্ৰম কৰে।পুৱা ৮ বজাত ভোটগণনা আৰম্ভ কৰাৰ সময়ত প্ৰথমতে বিজেপিয়ে কংগ্ৰেছতকৈ কেইখনমান আসনত অগ্ৰগতি লাভ কৰিছিল যদিও ৯ বজাৰ পৰাই কংগ্ৰেছে বিজেপিক অতিক্ৰম কৰি অধিক আসনত অগ্ৰগতি লাভ কৰিবলৈ ধৰে। ঘোষিত ফলাফল অনুসৰি, ২২৪খন আসনৰ ভিতৰত কংগ্ৰেছে ১৩৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি ৬৫খন আসন, জেডিএছে ১৯ খন আসন লাভ কৰাৰ লগতে অন্যান্য দলে ৪ খন আসন লাভ কৰে। এই নিৰ্বাচনত কংগ্ৰেছে ৪৩ শতাংশ ভোট লাভ কৰিছে, যিটো বিগত বিধানসভা নিৰ্বাচনতকৈ ৫ শতাংশ বেছি। বিজেপিয়ে ৩৫.৯ শতাংশ আৰু জেডিএছে ১৩.৩১ শতাংশ ভোট লাভ কৰে।কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছে বৃহৎ জয়লাভ কৰাৰ পিছতে ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে কংগ্ৰেছ কৰ্মীসকলে উল্লাস প্ৰদৰ্শন কৰে। কংগ্ৰেছৰ বৃহৎ জয়ৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে কয় যে কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ হৈ প্ৰেমৰ বজাৰ খুলিলে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি কৰ্ণাটকৰ জনগণক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকে বিভাজনগামী যুঁজত নামি পৰা নাছিল। দুখীয়াৰ ক্ষমতাই পুঁজিবাদী শক্তিক পৰাস্ত কৰিলে ৷ কৰ্ণাটকত তেওঁলোকে ঘৃণাৰ পৰিৱৰ্তে প্ৰেম-ভালপোৱাৰে জনতাৰ হৃদয় জিনিলে । ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ দাবীদাৰ তথা প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্রী ছিদ্দাৰামায়াই কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ জনবিৰোধী ৰাজনীতিৰ বিৰুদ্ধে কৰ্ণাটকবাসীৰ ক্ষোভ বুলি কয়। আনহাতে, শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা শাসকীয় বিজেপিৰ মুখ্যমন্ত্রী বাসৱৰাজ বোম্মায়ে পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলীয় কৰ্মীসকলকে ধৰি প্ৰত্যেকৰে আপ্রাণ চেষ্টাৰ পিছতো তেওঁলোকে বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত তেওঁলোকে সঠিক বিশ্লেষণ কৰিব। পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগৰ আনুষ্ঠানিক ঘোষণা কৰে।