বিচ্ছেদ – ৰশ্মি ৰেখা দুৱৰা

PC - Pickpik

অণুগল্প

বিচ্ছেদ

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

অসহায় ! তাই বাৰুকৈয়ে অসহায়।দেউতাকে তাইৰ লগত সম্বন্ধ বিচ্ছেদ কৰিলে।মাকে হাজাৰবাৰ তাইৰ মুখখন চাব খুজিও ব্যৰ্থ হয়।তাই দেউতাকৰ অমতত বিয়া হৈ যোৱাৰ বাবেই তিল তিলকৈ ভোগিছে। পঢ়াত ভাল।মেধাৱী ছাত্ৰী আছিল।সকলো দিশতে পাৰ্গত।তাই নভবাকৈ সকলোখিনি হৈ গ’ল। শোকে খুন্দা মাৰি ধৰিলেও চকুৰে চকুৰ পানী বাহিৰ হোৱা নাই।বুকুখন বৰ জোৰেৰে বিষাইছে।