বিচ্ছুৰিত প্ৰেমৰ বৰ্ণালীঃ  ৰঞ্জু হাজৰিকা – দেৱাশ্ৰী বৰা

বিচ্ছুৰিত প্ৰেমৰ বৰ্ণালীঃ  ৰঞ্জু হাজৰিকা

 দেৱাশ্ৰী বৰা, 
বৰবালি, লখিমপুৰ

লেখক জনৰ নাম আৰু উপন্যাস খনৰ নাম টো চালে অলপ আচহুৱা যেন নালাগেনে বাৰু? আমি জানি অহাৰ মতে তেওঁৰ উপন্যাস বোৰ ৰহস্যাবৃত কিন্তু “বিচ্ছুৰিত প্ৰেমৰ বৰ্ণালী”উপন্যাসখন ইয়াৰ সম্পূৰ্ণ বিপৰীত ।সাধাৰণতে প্ৰেম বা ভালপোৱা বুলি ক’লে আমি যিখিনি অনুভৱক আকোৱালি লওঁ,সেই অনুভৱ খিনিকেই সামৰি ভালপোৱা,বিশ্বাস আৰু জীৱনৰ সাফল্যতাৰ মাজৰ মধুৰ সম্পৰ্কটিক বহলভাৱে দাঙি ধৰিছে লেখকে এই উপন্যাসখনিৰ জৰিয়তে ।”প্ৰেম কি যে এক সন্মোহন শব্দ ।ভাঁজে ভাঁজে তাৰ লুকাই থাকে যাদুময় চাৱনি চঞ্চল,সুগভীৰ অন্তৰ্দৃষ্টি জলমল ।এই প্ৰেমেই দিব পাৰে মানুহক সুন্দৰৰ চেতনা আৰু গভীৰ জীৱনবোধ । সকলো অশুভ শক্তিৰ বিপৰীতে একমাত্ৰ শুভ শক্তি প্ৰেমে হে গাব পাৰে জীৱনৰ জয়গান । যাতনাময় সংসাৰত আমি প্ৰেম সাধনাৰেই কৰিব পাৰো পশুত্বৰ বিনাশ ।মানুহক মানুহ ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰেমতকৈ আৰু উত্তম মাধ্যম কি হ’ব পাৰে ।”এই সামাজিক উপন্যাসখনত দুটা কাহিনী সন্নিবিষ্ট কৰা হৈছে । প্ৰথমটো কাহিনী হ’ল -‘তুমি অবিহনে’, য’ত সঁচা ভালপোৱাৰ এখন জীৱন্ত চিত্ৰ অংকন কৰা হৈছে । য’ত বিলাসিতাৰ অহংকাৰ খিনিক আঁতৰাই ৰাখি শিল্পাই হিৰকৰ দৰে এজন সাধাৰণ লৰাক আন্তৰিকতাৰে আঁকোৱালি লৈছে ।দ্বিতীয় কাহিনীটো হ’ল -“হিয়াহীন প্ৰিয়া” । য’ত প্ৰকৃত প্ৰেম ভালপোৱাত বিলাসিতাই বাধা হিচাপে থিয় দিছে । য’ত সুমনে দৰিদ্ৰতাৰ অজুহাত দি কুনালৰ সঁচা প্ৰেমত আঘাত হানিছে । প্ৰেমে মানুহক গঢ়িও তোলে আৰু প্ৰেমে মানুহক ধ্বংসও কৰি পেলাব পাৰে । হেৰাই যোৱাৰ পিছতো যি সেই ভালপোৱাখিনি জীয়াই ৰাখে তেওঁৰ বাবে সেইখিনি প্ৰেমৰ অনুভূতি আৰু যাৰ বাবে বুকুত ভালপোৱা বোৰ পুহি ৰাখে তেওঁৰ বাবে হয়তো সেয়া পুৰণি আৰু আমনিদায়ক অনুভৱ হে । আচলতে নোপোৱাৰ বেদনাতকৈ পাই হেৰুওৱাৰ বেদনা অতি ভয়াবহ ।এবাৰ পঢ়ি চাব উপন্যাসখন । আপুনি ভবাৰ দৰে আমনি নিদিয়ে উপন্যাসখনে ,আমোদ দিব । চিনাকি কৰাই দিব ভালপোৱাৰ নতুন চহৰ খনৰ সৈতে ।