বিচাৰি ল’বা নে মোক?
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
মই আকৌ এবাৰ
আহিম তোমাৰ
গল্পৰ চহৰৰ ভীৰিত ;
পাৰা যদি বিচাৰি ল’বা
সেই ভীৰৰ কোলাহলত।
যতনাই ৰখা
তোমাৰ ফুলনিত ,
নানাৰঙী পখিলী হৈ
উৰি ফুৰিম চৌপাশত,
পাৰা যদি আঁকোৱালি ল’বা
তোমাৰ কোমল হাতত।
বৰষুণৰ প্ৰতিটো টোপালত
বিচাৰি ল’বা
মোৰ উপস্থিতি;
কেৱল পাহৰি নাযাবা স্মৃতি
নিলিখিবা ইয়াৰ ইতি।।