বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত দীপৰ বিলত পৰিভ্ৰমী পক্ষীৰ সংখ্যা বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত দীপৰ বিলত পৰিভ্ৰমী পক্ষীৰ সংখ্যা বৃদ্ধি পাইছে।চলিত বৰ্ষত দীপৰ বিলত ১৬১টা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ উপস্থিতি ধৰা পৰিছে। এইবাৰ দীপৰ বিলত অভিলেখ সংখ্যক ১৭,৬২৩টা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই বিচৰণ কৰিছে। শেহতীয়াকৈ ছেভেন ৱেভছ ৰিছাৰ্চ ফাউণ্ডেচনে চলোৱা জৰীপত এই তথ্য পোহৰলৈ আহিছে। ২৪, ৩০ ডিচেম্বৰ, ৫, ১১ আৰু ১৭ জানুৱাৰীত ছেভেন ৱেভছ ৰিছাৰ্চ ফাউণ্ডেচনে বন বিভাগ, পাছপাৰা সমবায় সমিতি, বন্যবন্ধু, দীপৰ বিল সুৰক্ষা মঞ্চ, বার্ডছ কাউণ্ট অৱ ইণ্ডিয়া, কটন বিশ্ববিদ্যালয়, ডনবস্ক’ বিশ্ববিদ্যালয়, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েঞ্চৰ সহযোগত এই জৰীপ চলাইছিল। প্রকৃতিপ্রেমী তথা যুৱ সমাজকর্মী প্রমোদ কলিতাই গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰে । সংবাদ মেলত তেওঁ কয় যে দীপৰ বিলৰ ৪.১ স্কোৱেৰ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত এই জৰীপ চলোৱা হৈছিল। বিগত বৰ্ষত দীপৰ বিলত ১৫৫টা বিভিন্ন প্ৰজাতিৰ চৰাইৰ উপস্থিতি পোৱা গৈছিল। উক্ত বৰ্ষত দীপৰ বিলত সৰ্বমুঠ ১১,২৭১টা বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা গৈছিল। উল্লেখ্য যে ২০০২ চনত ৪ হাজাৰ হেক্টৰ জলাশয়ৰ ভূমি হিচাপে স্বীকৃত ৰামছাৰ ছাইট দীপৰ বিলত অবাধ ভূমি বেদখল আৰু প্ৰদূষণৰ পৰিণতিত পৰিভ্ৰমী পক্ষীৰ সংখ্যা প্ৰতিবছৰে উদ্বেগজনকভাৱে হ্রাস পাবলৈ ধৰে।দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ২৭০ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ভিতৰত ৭০বিধ প্ৰজাতিৰ চৰাই আছিল পৰিভ্ৰমী চৰাই। বিভিন্ন প্ৰজাতিৰ চৰাইসমূহৰ ভিতৰত পানীডুবি, দেওৰাজহাঁহ, ভেলা, পানীকাউৰী, কৈলাঙী, দৈকলা, মণিয়ৰী, গোবগ, পানীবগ, বৰবগ, মাজুবগ, ৱাক চৰাই, আজান, কণামুচৰি, ইটাগুড়ীয়া, নলচুপি, মাহদলা, শামুকভঙা, বৰটোকোলা, হাড়গিলা, শৰালি, বৰশৰালি, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাঁহ, ৰঙামুৰি হাঁহ, বামুণী হাঁহ, মটিয়া চিলনী, শগুন, মাছৰোকা, ডাউক, দলপোঙা, কামচৰাই, গংগাচিলনী, বালিমাহী আদি উল্লেখযোগ্য।