বিগত বছৰ ২০২৪ আৰু মোৰ মনৰ কিছু কথা – ছেলিমা বেগম

বিগত বছৰ ২০২৪ আৰু মোৰ মনৰ কিছু কথা ——–

২০২৪ চনলৈ উভতি আহি কি পালোঁ

ছেলিমা বেগম ,নগাঁও

২০২৪ চনলৈ উভতি গৈ দেখা পোৱা যায় যে বছৰ টোত কিছুমান খতিয়ান আৰু কিছুমান লাভালাভ।

২০২৪ বছৰ টোত বতৰ সম্পৰ্কীয় উভতি চালে দেখা পালোঁ গ্ৰীষ্মকালত ৰাজ্যখনত বৰষুণৰ পৰিমাণ যথেষ্ট কমি গৈছে যাৰ ফলত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। আমাৰ অসমৰ মানুহৰ মাজত সজাগতা আনিবলৈ হ’লে আমি উঠি পৰি থাকিব লাগিব যাতে কোনো কাৰণত অসমলৈ দুৰ্যোগ আহিব নোৱাৰে । জুন মাহৰপৰা চেপ্তেম্বৰ মাহলৈকে আমাৰ অসমত গৰমৰ প্ৰকোপ লাহে লাহে বৃদ্ধি হৈ একেবাৰে ৰেকৰ্ড ভঙ্গ কৰিলে। ৪২ ⁰ হৈ পৰে আৰু ইয়াৰ ফলত গৰমৰ দিনত আমি কিমান যে গৰম সহ্য কৰিব লাগিছিল । গোলকীয় উষ্ণতা বৃদ্ধি হৈ একেবাৰে ৰেকৰ্ড ভঙ্গ কৰিলে এনে লাগে যেন কোনো কাৰণত অসমলৈ দুৰ্যোগ আহিব আহিছে। এই দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সাৱধান হ’ব লাগিব আমি।

আজি কালি অৱশ্যে আমাৰ গাঁৱৰ অঞ্চলত অৱস্থিত হাবি জঙ্ঘলৰ এক প্ৰকাৰ ধ্বংস হয় আছে। গাঁৱে গাঁৱে আধুনিকতাৰ কবলত পৰিছে ইয়াত ফলত হাবি জঙ্ঘল কাটি পেলোৱা হৈছে যথেষ্ঠ পৰিমানৰ ঘাঁহনি বননিত বিষাক্ত ঔষধ ব্যৱহাৰ কৰি আহিছে। খেতি কৰি বহুলভাৱে ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে যাৰ ফলত বাতাবৰণ নষ্ট হ’বলৈ ধৰিলে। আৰু আমি পুষ্টিকৰ খাদ্য খাবলৈ নাপাওঁ এই সম্পৰ্কে আমি সদায় সচেতন হৈ থাকিব লাগিব নহ’লে আমাৰ সমাজত অতি সোনকালেই নামি আহিব এক প্ৰকাৰ ধ্বংসৰ প্ৰতীক ৰূপে বেমাৰ ।

২০২৪ চনলৈ উভতি চালে দেখা পালোঁ যে হাবি জঙ্ঘল কাটি পেলোৱা হৈছে যথেষ্ঠ পৰিমানৰ ঘাঁহনি বননিত বিষাক্ত হৈ আছে। পাহাৰ পৰ্বতৰ পৰা ডাঙৰ ডাঙৰ গছ কাটি পেলোৱা হৈছে যথেষ্ঠ পৰিমানৰ। সেউজীয়া পাহাৰৰ বুকুত বাস কৰা জীৱ জন্তুৱে কষ্টৰ মাজেৰে থাকিব লাগিছে। যাৰ ফলত জঙ্ঘল পৰা নামি আহি জন অঞ্চলত বাস কৰে আৰু মানুহৰ মাজত এক প্ৰকাৰ বিশৃংখলতাৰ পৰিসমাপ্তি ঘটাইছে।

বাটৰ কাষত থকা ডাঙৰ ডাঙৰ গছ কাটি পেলোৱা হৈছে যথেষ্ঠ পৰিমানৰ যাৰ ফলত বাতাবৰণ নষ্ট হ’বলৈ আৰম্ভ কৰিছে। আজি কালি অৱশ্যে বিভিন্ন আঁচনি প্ৰস্তুত কৰিব ধৰিলে যাৰ বাবে ৰাস্তা ঘাট হৈছে পকি অৱশেষত আমাৰ সমাজত অতি সোনকালেই নামি আহিছে বিপদ । ৰাস্তাৰ কাষৰ পৰা গছ কাটি পেলোৱাৰ ফলত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি উলিয়াই আছে। গাঁৱে গাঁৱে আধুনিকতাৰ স্পৰ্শ পৰি হাবি জঙ্ঘল নাইকীয়া হৈ গৈছে। চৰকাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰি ঘৰ নিৰ্মাণ কৰি কেঁচা ঘৰ নাইকীয়া হৈ গৈছে যাৰ ফলত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে।

জনবসতিৰ ঘনত্ব হৈছে আন এটা উল্লেখযোগ্য কাৰণ। জনবসতিৰ ঘনত্ব প্ৰতি লক্ষ্য ৰাখি দেখা পোৱা যায় যে বছৰ বছৰ ধৰি চলি থাকে ঘৰ বাৰী নিৰ্মাণ কাম । সেয়ে হে শুদ্ধ মতে জীৱন নিৰ্বাহ নকৰে। নদীৰ পাৰত অৱস্থিত হাবি জঙ্ঘল কাটি পেলোৱা হৈছে যাৰ ফলত বাতাবৰণ নষ্ট হ’বলৈ ধৰিলে আৰু কিছুমান খতিয়ান দাঙি ধৰা হৈছে যে অসমীয়া সমাজত প্ৰচলিত হৈ থকা বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি নদীৰ পানী নষ্ট কৰা হয়। তাৰ বাবে আমি বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈ থাকোঁতে বেমাৰৰ পৰা মুক্ত হৈ থাকিব নোৱাৰি । খাদ বিল নলা নৰ্দমাৰ পানী বোৱাই নিয়াৰ বাবে মুকলি ঠাইৰ অভাৱ। পানী ঠায়ে ঠায়ে ঠেকা খাই থাকে আৰু অসমৰ মানুহৰ মাজত এক প্ৰকাৰ বিশৃংখলতাৰ সৃষ্টি হৈ থাকে। অসমৰ বানপানীৰ সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ সমাজত কিছুমান কাম নকৰোঁ।

২০২৪ চনত উভতি চালে দেখা পালোঁ যে বানপানী যথেষ্ট সংখ্যক মানুহৰ মাজত হাহাকাৰ কৰি দিয়াৰ বাবে বহুতো খেতিয়কৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হৈছে। বছৰ টোত বতৰ সম্পৰ্কীয় কথাটো মূল সুতিলৈ নিব পাৰি। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে যাৰ ফলত খেতি বাতিল কৰা হ’বলৈ পালে। অসম খন এখন কৃষি প্ৰধান দেশ, কৃষিৰ ওপৰত নিৰ্ভৰ কৰে প্ৰায় ৮০ শতাংশ লোক। সেয়ে বতৰৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ কৃষকসকলে কিন্তু সেই সুবিধা যোৱা বছৰ টোত পোৱা নাই।

২০২৪ চনলৈ উভতি আহি দেখে পালোঁ আমাৰ ৰাজ্যত অসম চৰকাৰে দেশখনত যথেষ্ট কাম কাজ চলাই নিব পাৰিছে যদিও বহুতো খেতিয়কৰ অৰ্থনৈতিক জীৱন লৈ চকু দিব পৰা নাই। কৃষ্ণক মূলত উন্নতি হ’ব নোৱাৰিলে। চৰ চাপৰিত বসবাস কৰা কৃষকসকলে নিজেই নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে নিজৰ ওপৰত নিৰ্ভৰ কৰি আছে। চৰকাৰ পৰা অলপ সময়ৰ হাত পালে হয়তো উন্নত মানদণ্ডৰ উৎপাদন বৃদ্ধি কৰিবলৈ পাৰিলে হেঁতেন। চৰ চাপৰিত বসবাস কৰা কৃষকসকলে ৰবি শস্যৰ খেতি কৰি আমাৰ মানুহ বিলাকক খোৱাই আছিল। সেই খিনি অসম চৰকাৰে উচ্ছেদ কৰি দিয়াৰ ফলত পাচলিৰ বজাৰত জুই লগাই দিলে আৰু আমি জনসাধাৰণে জলা কলা খাই আছোঁ।  গাঁৱৰ অঞ্চলত বাস কৰা কৃষকসকলে ৰবি শস্যৰ খেতি কৰে যদিও বহুতো কৃত্ৰিম জলধাৰাৰে সম্বলিত ফলত বেমাৰৰ সৃষ্টি হয়। আমি সেই খিনি খাদ্য হিচাপে গ্ৰহণ কৰি বিভিন্ন ধৰণৰ সমস্যা উপভোগ কৰি আহিছোঁ।

২০২৪ চনলৈ উভতি আহিলে দেখিবলৈ পোৱা যায় যে বছৰ কিছু ঘটনা জনসাধাৰণে জলা কলা খাই নিজৰ কপালত কোৰ মাৰিব লগা হৈছে। ভূমি হীন মানুহৰ মাজত উচ্ছেদ কৰা কৃষকসকলে খেতি বাতিল কৰিবলৈ বাধ্য হৈছে। সাধাৰণ জনতাক মূল্য বৃদ্ধিয়ে বৰকৈ জুৰুলা কৰিছে। খেতিয়কৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হৈছে আমাৰ অসমৰ মানুহৰ মাজত হাহাকাৰ লাগিছে। অসম চৰকাৰে যাতে অহা বছৰ টোত এই সমস্যাৰ সমাধানৰ বাবে চকু দিয়ে।

২০২৪ চনত উভতি চালে দেখা পালোঁ যে ধৰ্ষণ, লুণ্ঠন আদি কৰি কিছুমান ঘটনা জোঁকাৰি গৈছে। আজি কালি অৱশ্যে ধৰ্ষণ কৰাৰ ঘটনা প্ৰায়েই ঘটি থাকে এই খিনি নাইকীয়া কৰিবলৈ আমি হয়তো মন কাণ দিয়া নাই যাৰ ফলত বাতাবৰণ নষ্ট হ’বলৈ ধৰিলে। আমি অভিভাৱক সকলে দায়িত্ব ল’ব লাগিব নহ’লে আমাৰ সমাজত অতি সোনকালেই নামি আহিব এক প্ৰকাৰ বিশৃংখলতাৰ পৰিসমাপ্তি ঘটনা। এই খিনি কাৰ ভুল আমি সকলোৱে যদি সজাগতা হৈ থাকিব পাৰি তেতিয়া হ’লে সমাজত এনে নিকৃষ্ট ঘটনা নঘটে। উঠি অহা নৱ প্ৰজন্মৰ দায়িত্ব ল’ব লাগিব,নৱ প্ৰজন্ম সকলক উচিত শিক্ষা দিব লাগিব। কুসংস্কাৰৰ বিৰুদ্ধে মাত দিব লাগিব। নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। নিচাযুক্ত দ্ৰব্য আজি কালি অৱশ্যে যুৱক যুৱতীৰ জীৱন ধ্বংস কৰি আছে। সৌ সিদিনা নগাঁও জিলাৰ এখন অঞ্চলত এখন ধৰ্ষণ কৰাৰ ঘটনা লৈ ৰাজ্যত এক বিশৃংখলতাৰ সৃষ্টি কৰিছে। আচলতে কাৰ ভুল যুৱক যুৱতীৰ হাতে হাতে ম’বাইল ফোন থাকে এই ম’বাইল ফোন ব্যৱহাৰ কৰাৰ ফলত আজি সমাজত এনে ঘটনা প্ৰায়েই ঘটি থাকে। ম’বাইল সেৱা যোগানকাৰী সকলে বেয়া ধৰণৰ ভিডিঅ’ বিলাক দি থাকে। এই ভিডিঅ’ বিলাক চৰকাৰে যাতে বন্ধ কৰি দিয়ে তেতিয়া সন্তানে এই খিনিৰ পৰা আঁতৰি থাকিব পাৰিব। ধৰ্ষণ কৰাৰ ঘটনা প্ৰায়েই ঘটি থাকে ল’ৰা, বুঢ়া, ডেকা সকলক মাজত হৈয়ে থাকে। দুই হাজাৰ চব্বিশ বছৰৰ এনে নিকৃষ্ট বহুতো ঘটনা প্ৰায়েই ঘটিছিল। যাৰ ফলত মনত বহুত আঘাত দিছে।

দুই হাজাৰ চব্বিশ বছৰৰ বাবে চৰকাৰে দেশখনত কি কৰিছে ? কেৱল মাত্ৰ হিন্দু, মুছলমানৰ ৰাজনীতি খেলিছে। কোনে কি পিন্ধি আছে কোনে কি খাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি আছে। মানুহৰ মাজত খোৱা বস্তু লৈ চৰকাৰে মাতা মাৰি কি লাভ। খোৱা বস্তু যিটো উপযুক্ত সেই খিনি মানুহে খাই থাকে এই বিষয়ে চৰকাৰে মাত নামাতি জনসাধাৰণে ভালকৈ খাবলৈ পাইছে নে নাই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।  জনসাধাৰণ জনতাৰ পেটত ভাত দিবলৈ পাৰিছে নে নাই সেই বিষয়ে চিন্তা কৰিব লাগিব। তেতিয়া হ’লে দেশৰ ভিতৰতে সোণ বিচাৰি পোৱা যাব। দেশ খন সেউজীয়া কৰিবলৈ হ’লে প্ৰথমতে আমাৰ শ্ৰমিক সকলে খাব লাগিব। নিজৰ নিজৰ ধৰ্মৰ লোকসকলে নিজৰ খাদ্য বিচাৰি খাব। চৰকাৰে যাতে এইবোৰ বিচাৰি নাথাকি নিজৰ দায়িত্ব পালন কৰি দেশ খনৰ উন্নতি সাধন কৰিব অহা বছৰ ২০২৫ বছৰৰ বাবে।

 ২০২৪ বছৰ টোত আমাৰ ৰাজ্যত ভাল লগা খিনি বিচাৰিলে দেখা যায় আগৰ তুলনাত অসম খন বহুত উন্নত হৈছে। আমাৰ গাঁৱে গাঁৱে আধুনিকতাৰ স্পৰ্শ পৰি সকলো মানুহৰ মাজত অভাব অনাটন নাইকীয়া হৈ আছে। চৰকাৰে দিয়া কিছুমান আঁচনি গ্ৰহণ কৰি দুখীয়া মানুহৰ মাজত হাহাকাৰ নাইকীয়া হ’ল। চৰকাৰে দেশখনত যথেষ্ট পৰিমাণে উন্নতি সাধন কৰি আহিছে। স্কুল কলেজ বিলাকত বহুতো সুবিধা দিছে। আমাৰ অসম ভাষা দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি দিয়া হ’ল।