বিকাশৰ ১২ দিন কাৰ্যসূচী অংশ হিচাপে মাজুলীত বহু কেইখন আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী নন্দিতা গার্লোছাৰ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ক্ষুদ্ৰ বিত্তীয় উদগনি আৰু সকাহ আঁচনি, ক্ষুদ্ৰ বিত্তীয় ঋণ গ্ৰহণকাৰীসকলক সৱলীকৰণ, প্ৰধানমন্ত্ৰী খাদ্য সংসাধীকৰণ উদ্যোগৰ অনুষ্ঠানিকীৰণ আঁচনি আৰু বানাক্ৰান্ত পৰিয়ালসমূহক আৰ্থিক আৰু পুনৰ্বাসন অনুদান প্ৰদান আঁচনিৰ মাজুলী জিলাত শুভাৰম্ভ কৰা হয়।

জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ কমলাবাৰী সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ মুকলি প্ৰেক্ষাগৃহত আয়োজন কৰা উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু উন্নয়ন , লোক নিৰ্মান বিভাগৰ GAD তথা বিভাগীয় গৃহ নিৰ্মাণৰ দায়িত্বৰ মন্ত্ৰী নন্দিতা গাৰ্লচা মহোদয়া। জিলাখনৰ ৩৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক প্ৰাৰম্ভিক মূলধন ১২ লাখ ৭৩ হাজাৰ ৪ শ টকাৰ চেক বিতৰণৰ লগতে ক্ষুদ্ৰ বিত্তীয় ঋণ গ্ৰহণকাৰীসকলক সৱলীকৰণ আৰু প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য সংসাধনীকৰণ উদ্যোগৰ ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে মাজুলী জিলাখনত ৯৭১১ টা বানাক্ৰান্ত পৰিয়ালক ৫ কোটি ৮০ লাখ ৫ হাজাৰ ১৩৫ টকা পোনপটিয়াকৈ বেংক ট্ৰেন্সফাৰ কৰি উপকৃত কৰা বুলি উল্লেখ কৰাৰ লগতে পুনৰ সংস্থাপন আঁচনিৰ অধীনত প্ৰদান কৰা হয়। মাজুলী জিলাৰ সহকাৰী আয়ুক্ত সংগীতা বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানটোত স্থানীয় বিধায়ক ভূৱন গাম , জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক , সমাজকৰ্মী বীৰেন শইকীয়া আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীতিমণি পেগুৱে অংশগ্ৰহণ কৰে ।