বায়ুসেনাৰ নতুন মুৰব্বী হিচাপে এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিঙক নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ বায়ুসেনাৰ নতুন মুৰব্বী হিচাপে এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিঙক নিযুক্তি দিয়া হৈছে। অহা ৩০ ছেপ্টেম্বৰত বৰ্তমানৰ বায়ুসেনাৰ মুৰব্বী চীফ মার্শাল বিবেকৰাম চৌধাৰীৰ স্থানত দায়িত্ব গ্রহণ কৰিব অমৰপ্ৰীত সিঙে। কেন্দ্ৰীয় চৰকাৰে নৌসেনাত বর্তমান ভাইচ চীফ অৱ দ্য এয়াৰ ষ্টাফ হিচাপে কৰ্মৰত অমৰপ্ৰীত সিঙক নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে। ১৯৮৪ চনত ভাৰতীয় বায়ুসেনা বাহিনীত যোগদানেৰে কৰ্মজীৱন আৰম্ভ কৰা এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিঙে ২০১৯ চনত অতি বিশিষ্ট সেৱা মেডেল আৰু ২০২৩ চনত পৰম বিশিষ্ট সেৱা মেডেলেৰে সন্মানিত হৈছে। ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত বায়ুসেনাৰ উপ-মুৰব্বী হিচাপে নিযুক্তি লাভ কৰা এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিঙে দেশৰ নতুন মুৰব্বী হিচাপে দায়িত্ব লাভ কৰিব। মিগ- ২৭ৰ কমান্ডিং অফিচাৰ আৰু ফ্লাইট কমাণ্ডাৰ হিচাপে অভিজ্ঞতাৰে পুষ্ট অমৰপ্ৰীত সিং বেলিংটনৰ নেচনেল ডিফেঞ্চ একাডেমী, ডিফেঞ্চ ছার্ভিচ ষ্টাফ কলেজৰ প্ৰাক্তন শিক্ষার্থী।