বাপতি সাহোন ভোগালী বিহুৰ এটি টোকা
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
বিহু তিনিটা অসমৰ জাতীয় উৎসৱ হোৱাৰ লগতে অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কয় । তিনিটা বিহু শস্যৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত আৰু পূৰ্বপুৰুষৰ দিনৰ পৰাই পালন কৰি আহিছোঁ। আমাৰ অসম এখন বহুল জাতি জনগোষ্ঠীয় ৰাজ্য হিচাপে প্ৰত্যেক জনগোষ্ঠীৰ পৰম্পৰা ৰীতি- নীতি ভাষা বেলেগ হ’লেও মূলতে আমি বৃহৎ অসমীয়া জাতি বুলিয়ে অনুভৱ কৰো । বিহুৰ লগতে অসমীয়া জাতিটোৰ লোক সংস্কৃতি থলুৱা শিল্প ,উৎসৱ ,খেল ধেমালি সকলো অন্তৰ্নিহিত হৈ আছে। বিহুৰ মাজেৰে আমি একতাৰ বান্ধোনৰ অনুভৱ কৰোঁ। যান্ত্ৰিকতাৰ জীৱনত সকলো ব্যস্ত থাকে কিন্তু বিহু উৎসৱ আদিৰ মাজেৰে আপোনসকলৰ সৈতে এখন্তেক মিলিত হ’বলৈ সময় পাই হাঁহি ধেমালিৰে এসাজ খায় ।প্ৰতিটো বিহুৰ একোটা নিজস্ব বৈশিষ্ট্য আছে । ডাঙৰক সন্মান শ্ৰদ্ধা কৰা লগতে সৰুক মৰম আদিৰ নীতি-শিক্ষাও বিহু তিনিটাতে সোমাই আছে। এয়া পূৰ্বপুৰুষৰ পৰা চলি আহিছে চলি থাকিব।
এই বিহু তিনিটাৰ অন্যতম ভোগৰ ভোগ মাঘ বিহুক ভোগালী বিহু বুলি কয় । পুহ মাহৰ সংক্ৰান্তীৰ দিনাৰ পৰাই মাঘ বিহু আৰম্ভণি হয় । মাঘ বিহুক ভোগৰ বিহু এই কাৰণে কোৱা হয়, এই সময়ত শস্যৰ চাৰিওফালে উভৈনদী হয় ভঁৰালত লখিমী পৰিপূৰ্ণ। পুখুৰীৰ মাছ,গাখীৰ , শাক-পাচলিৰ অভাৱ নাথাকে ।
মাঘ বিহুত পিঠা পনা ,চিৰা ,সান্দহ পিঠাগুৰিৰ বিভিন্ন খাদ্য প্ৰস্তুত গাঁও প্ৰায় ভাগ মানুহে কৰা দেখা যায় । বৰ্তমান চহৰ অঞ্চলৰ বাস কৰা লোক সকলে নিজে প্ৰস্তুত নকৰিলেও,বিভিন্ন প্ৰতিষ্ঠানে আয়োজন কৰা বিপনীত বা মেলাৰ যোগেদি এই সকলো বস্তু পোৱাৰ সুবিধা পাইছে । পিঠা-পান এই বোৰ প্ৰস্তুত কৰাত আমাৰ চহা অসমীয়া সকলৰ ঢেঁকী ওত: প্ৰোত ভাৱে জড়িত ।অনুভৱ হয় ঢেঁকী আমাৰ বাবে আইতাৰ তামোল খুন্দি খোৱা খুন্দনাটোৰ সমান হিয়াৰ আপোন।
অসমীয়াৰ জাতীৰ বিহুৰ আনন্দ সুকীয়া।ঠাই ,ভাষা বিশেষে ইয়াৰ ৰীতি-নীতি ভিন্ন । উজনি অসমৰ আৰু নামনি অসমৰ মাঘৰ বিহুৰ পাৰ্থক্য । আমি নামনিৰ কামৰূপৰ বাসিন্দা হিচাপে এই বিহুটি পুহ মাহৰ সংক্ৰান্তী অৰ্থাৎ দোমাহীৰ দিনা উৰুকা হিচাপে পালন কৰোঁ ।ভেলাঘৰ বনাই ডেকা -গাভৰু সকলে ল’গ লাগি ভোজ ভাত খায় ।উৰুকাৰ পিছদিনা ৰাতিপুৱা স্নান কৰি সূৰ্য্য দেৱতাক সেৱা জনাই ভেলাঘৰত অগ্নি প্ৰজ্বলিত কৰা হয়।সমূহীয়াকৈ মাহ-প্ৰসাদ আগবঢ়ায় সকলোৰে কুশলে থকাৰ প্ৰাৰ্থনা কৰে। মাঘ বিহুত আমাৰ গাঁওত ঘৰে ঘৰে সাত খন ব্যঞ্জন খোৱা নিয়ম আছে ।মাঘৰ এক তাৰিখে( মাঘৰ পন্তা)মানে আগদিনা ৰাতি ৰন্ধা সাতখন ব্যঞ্জন বনাই পিছদিনা খোৱা নিয়ম। এনেকৈ খালে শৰীৰ নিৰোগী আৰু বাঘৰ দৰে বলবান শক্তিশালী হয় বুলি শুনি আহিছো।সেই মতে সকলো গাঁও বাসীয়ে এই নিয়ম পালন কৰি আহিছে এক নৈসৰ্গিক জীৱনৰ মাদকতা বিচাৰি পোৱা যায়।
মনত পৰে এবাৰ সৰুতে আমি মাহীহতৰ ঘৰত ভেলাগৰ বনাইছিলোঁ ।ৰাতি খানা খাওঁতে চৰু মাংস বনাব’লৈ তেল দিওঁতে ভেলাঘৰৰ ওপৰৰ পৰা নৰা বোৰ পৰি চৰুটো জুই জ্বলি গৈছিল । পিছত মাহী আৰু মহাদেওঁ আহি সকলো পৰিপাটি কৰি ভেলাঘৰৰ পৰা সকলো খোৱা সামগ্ৰী বোৰ নি ঘৰতে বনাই দিছিল । আজিও।মনত পৰিলে হাঁহি উঠে কি যে আমেজ লগা পৰিবেশ আছিল ।
গতিকে বাপতি সাহোন বিহুতিৰ লগত আমাৰ বৃহত্তৰ অসমীয়া সমাজখনৰ ওতঃপ্ৰোত সম্বন্ধ আছে ।যেতিয়া লৈকে এই পৰম্পৰা বোৰ থাকিব আমাৰ সমাজখনৰ ঐতিহ্য সুৰক্ষিত হ’ব।