বাতিল হ’ল গুৱাহাটীৰ বিদ্যালয় বন্ধৰ নিৰ্দেশনা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত উৎকট গৰমৰ বাবে ২৪ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় বন্ধ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে শিক্ষা বিভাগে।মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বুধবাৰৰ পৰা মহানগৰ জিলা এলেকাত থকা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় খোলাৰ নিৰ্দেশ জাৰি কৰিছে । নতুন নিৰ্দেশনা অনুসৰি ২১ ছেপ্টেম্বৰত জাৰি কৰা নিৰ্দেশমতেই বুধবাৰৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ বিদ্যালয়ত পাঠদানৰ নিৰ্দেশ দিয়া হৈছে । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰচণ্ড গৰমৰ বাবে শিক্ষা বিভাগে সোমবাৰে এক নিৰ্দেশনাযোগে ২৪ ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈকে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পাছতে সোমবাৰৰ পৰা গুৱাহাটীত বতৰৰ অৱস্থা স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিত এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰা বুলি নতুন নিৰ্দেশনাত উল্লেখ কৰে। নতুন নিৰ্দেশনা পত্ৰত উল্লেখ কৰে যে অহা ২৫ ছেপ্তেম্বৰ বুধবাৰৰ পৰা বিদ্যালয়সমূহ আগৰ দৰেই খোলা থাকিব।