‘বাটৰ কবিতা’ৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন
গীত-কবিতাৰে মুখৰিত মৈৰাবাৰী কলেজ ৰোড
মুহাম্মাদ আফজাল, মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি মাহৰ ১০ তাৰিখে বিশেষকৈ মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰু সময়ে সময়ে অন্যান্য স্থানতো নিয়মীয়াকৈ অনুষ্ঠিত হোৱা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ই ১০ ডিচেম্বৰত গৌৰৱোজ্জ্বল ১০টা বৰ্ষ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে মৈৰাবাৰী কলেজ ৰোডৰ কাষত খাইৰ প্ৰকাশনৰ কাৰ্যালয় প্ৰাংগণত পুৱা ১০ বজাৰ পৰা সন্ধিয়া প্ৰায় ৬ বজালৈকে কেইবালানি বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি গাম্ভীর্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় ‘বাটৰ কবিতা’ৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠান। ‘বাটৰ কবিতা’ৰ সমন্বয়ক খাইৰুল ইছলামৰ ‘বাটৰ কবিতালৈ আহক’ কবিতা পাঠ, শিক্ষাৰ্থী শ্বাহিল ইছলামৰ ছুৰাহ ফাতিহা পাঠ আৰু কণ্ঠশিল্পী ৰুণু বেগমৰ জ্যোতি সংগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা জনপ্ৰিয় কাব্যানুষ্ঠানত মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী কবি আৰু কাব্যপ্ৰেমী ব্যক্তিয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত শিক্ষক তথা সমাজ সংগঠক জহিৰুল ইছলামে আদৰণী পৰ্বৰ আঁত ধৰাৰ পাছতে সমন্বয়ক মুহাম্মাদ আফজালে ‘বাটৰ কবিতা’ৰ সৈতে ওতপ্রোতভাৱে জড়িত প্ৰয়াত ‘বাটৰ কবি’সকল ক্ৰমে আব্দুল জলীল, ৰইছুদ্দিন আহমদ হাজৰিকা, অৱনী কুমাৰ ভট্টাচার্য্য আৰু মোঃ আব্দুল মন্নান ফকিৰৰ কাব্যিক অৱদানৰ কথা সোঁৱৰণ কৰে আৰু উপস্থিত সকলোৱে তেওঁলোকৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সুদীৰ্ঘ ১০ বছৰে ‘বাটৰ কবিতা’ অনুষ্ঠান আয়োজন কৰি অহাৰ বাবে অনুষ্ঠানৰ সমন্বয়ক খাইৰুল ইছলামক জনপ্ৰিয় প’ৰ্টেল চেনেল ‘এম লাইভ অসম’ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যাপক জাহানাৰা বেগম, বিশিষ্ট কবি, লেখক ডাঃ বিজুজ জাহান চালেহা বেগম আৰু অধ্যাপক ডঃ ময়িদুল ইছলামে ‘বাটৰ কবিতা’ৰ সমন্বয়কদ্বয় খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজালক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰে। ‘বাটৰ কবিতা’ৰ জনপ্রিয়তাত মুগ্ধ হৈ দশম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি ‘বাটৰ কবিতা’ সম্পৰ্কে সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত পৰিসংখ্যা বিষয়া নুৰুল আমিন, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰফিকুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক কমৰুল ইছলাম, মৈৰাবাৰী কলেজৰ অধ্যাপক ৰফিকুল ইছলাম, বিশিষ্ট সমাজ সেৱক জহিৰুল ইছলাম মুক্তাৰ, জ্ঞানৰত্ন সাহিত্য একাডেমীৰ সভাপতি ডঃ হেমচন্দ্র বৰ্মন, জ্যেষ্ঠ কবি হানিফ উদ্দিন আহমেদ, বিশিষ্ট সাংবাদিক মোস্তুফা জামান আদি বিশিষ্ট ব্যক্তিসকলে। তদুপৰি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক হিফজুৰ ৰহমান খান, মৈৰাবাৰী কলেজৰ অধ্যাপক বাহাৰুল ইছলাম আৰু ডঃ আব্দুল মান্নান আহমেদ, এছ চি চি অসমৰ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইন, বিশিষ্ট শিক্ষাবিদ ডঃ ৰাব্বুল ইবনে এ আহাদ, বিশিষ্ট সাংবাদিক বিষ্ণু ডেকা, বিশিষ্ট শিক্ষক শ্বৰিফুল হক আৰু হাৰুন ৰাশ্বিদ, ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলা সম্পাদক আজহাৰ উদ্দিন আহমেদ, জ্ঞান বিজ্ঞান বিদ্যাপীঠৰ অধ্যক্ষ ডঃ মোস্তাফিজুৰ ৰহমান, বিশিষ্ট কবি পবিত্ৰী ভৰালী, নিৰুপ্ৰভা দেৱী, বিশিষ্ট লেখক আব্দুছ ছুবহান বৰভূঞা, বিশিষ্ট শিক্ষক আব্দুছ ছুবহান বৰভূঞা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। একেটা অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত অধ্যাপক জাহানাৰা বেগম, বিশিষ্ট লেখক, গৱেষক ডঃ অংশুমান দাস, মৈৰাবাৰী কলেজৰ অধ্যাপক ডঃ ময়িদুল ইছলাম, বিশিষ্ট কবি ভৃগু কুমাৰ নাথ আদি গণ্য-মান্য ব্যক্তিসকলে কবিতা সম্পৰ্কীয় মূল্যৱান বক্তৃতা প্ৰদানৰ লগতে ‘বাটৰ কবিতা’ৰ দৰে অভিনৱ কাব্যানুষ্ঠানৰ বিপুল জনপ্ৰিয়তা সম্পৰ্কে অনুভৱী মত ব্যক্ত কৰে আৰু একোটাকৈ কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। লক্ষণীয়ভাৱে বৰ্ষটোৰ অন্তিমটো মাহৰ কবিতা পাঠ পৰ্বত আন্তৰিকতাৰে অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে মইনুল হক চৌধুৰী, ছেলিমা বেগম, আশুতোষ বিশ্বাস, দীপাশ্ৰী ভৰালী, আনোৱাৰ হুছেইন, হাৰুন অল ৰাসিদ, কৰবী শইকীয়া, জুনুমণি বৰা, পল্লৱী শৰ্মা, আশ্ৰাফুল ইছলাম, মুহাম্মাদ আফজাল, ৰাবিয়া বেগম, ছাদ্দাম হুছেইন, ৰেকিবুল আজাদ, উম্মীদ হাচান, ইছফাকুৰ ৰহমান (ৰুৱেল), ফকৰুল হক আদি বিশিষ্ট কবি-লেখকসকলে। তদুপৰি মৈৰাবাৰী নিউ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰীদ্বয় আছমা বেগম আৰু ৰুনা বেগমে অনুষ্ঠানত সমবেত গীত পৰিৱেশন কৰে আৰু আশ্ৰাফুল হক আৰু জিন্নাতুল ইছলামে একোটাকৈ গীত গোৱাৰ লগতে মুহাম্মাদ ফাহিম, নাহিদ আফ্ৰিন, ফাৰহিন জাহান আদি শিশুসকলে একোটাকৈ কবিতা আবৃত্তি কৰি সকলোকে মুগ্ধ কৰে। বিশিষ্ট কবি, লেখিকা ডাঃ বিজুজ জাহান চালেহা বেগমে সঞ্চালনা কৰা কবিতা পাঠ অনুষ্ঠানত পঠিত কবিতাসমূহৰ নিৰ্মোহ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট কবি, গীতিকাৰ প্ৰেমেশ্বৰ ঠাকুৰীয়াই। উল্লেখ্য যে উপস্থিত কবি আৰু আবৃত্তিকাৰসকললৈ খাইৰ প্ৰকাশনৰ তৰফৰ পৰা একোখনকৈ মান পত্ৰ প্ৰদান কৰি কৃতজ্ঞতা জ্ঞাপন কৰা হয়। শেষত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে ‘বাটৰ কবিতা’ৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সামৰণি পৰে।