বাজপেয়ী ভৱনত আগন্তুক নির্বাচনক লৈ বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক

বাজপেয়ী ভৱনত আগন্তুক নির্বাচনক লৈ বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক পঞ্চায়ত নির্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু বিটিচি নির্বাচনক লৈ তৎপৰতা আৰম্ভ ৰাজ্যিক বিজেপিৰ। এই লক্ষ্যৰে ৩৯খন জিলাৰ সভাপতি আৰু ৪৩৩টা মণ্ডলৰ সভাপতিক আগত লৈ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ল এক গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে জিলা সভাপতি আৰু মণ্ডল সভাপতিসকলক দিয়া হ’ল এলানি গুৰুত্বপূর্ণ নির্দেশনাৱলী। নতুনকৈ দায়িত্ব লাভ কৰা ৩৯গৰাকী জিলা সভাপতি আৰু ৪৩৩গৰাকী মণ্ডল সভাপতিক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই বৈঠকতে ৰাজ্যিক নেতৃত্বৰ স্পষ্ট নির্দেশ- আভ্যন্তৰীণ বিবাদ-বিসম্বাদ এতিয়াৰে পৰা দলত নচলিব। অভিযোগ-আপত্তি থাকিলে দলৰ শীৰ্ষ নেতৃত্বক অৱগত কৰক, কিন্তু কোনো বিষয় ৰাজহুৱা নকৰিব। সন্মুখত নির্বাচন, গতিকে সকলোৱে ৰাইজৰ ওচৰলৈ যাব লাগিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সভাপতিসকলক উদ্দেশ্যি ইয়াকো স্পষ্ট কৰক যে ন-বিজেপি-পুৰণি বিজেপি এইবোৰ শব্দ বাদ দিব লাগিব। দলীয় অনুশাসন মানি ঐক্যবদ্ধভাবে দলক শক্তিশালী কৰিব লাগিব। প্রতিটো নির্বাচনকে গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাই তেওঁ ব্যক্তিগত স্বার্থতকৈ দলীয় স্বার্থক অগ্রাধিকাৰ দিয়াৰো আহ্বান। সমান্তৰালভাৱে দলীয় অনুশাসন ভংগ কৰা নেতাৰ বিৰুদ্ধে দলে কঠোৰ স্থিতি ল’ব বুলিও এই বৈঠকতে স্পষ্ট কৰি দিয়ে। এই বৈঠকত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে কংগ্ৰেছৰ দিনত অৱহেলিত আৰু পিছপৰি থকা সকলো লোককে সমাহিত কৰি আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ বাবে নৱনিৰ্বাচিত জিলা আৰু মণ্ডল সভাপতিসকলে নিৰন্তৰ আৰু সচেতন প্ৰহৰী ৰূপে কাম কৰিব লাগিব। অসম আৰু অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে অনাগত দিনত বিজেপি চৰকাৰৰ প্ৰয়োজন আছে। বিজেপি চৰকাৰ থকা বাবেই আজি অসমীয়া ভাষা ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে, চৰাইদেউ মৈদাম বিশ্বৰ মানচিত্ৰত জিলিকি উঠিছে। অসমৰ ইতিহাসত প্ৰাপ্তি আৰু স্বর্ণীল ভৱিষ্যতৰ দুৱাৰ মুকলিৰ বাটকটীয়া হৈ ৰ’ব এডভান্টেজ আছাম ২.০। এই বিনিয়োগ সম্মিলনৰ জৰিয়তে ৪.৯১ কোটি টকা বিনিয়োগ অসমলৈ অহাৰ পথ প্রশস্ত হ’ল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই তৃণমূল পর্যায়ত দলক শক্তিশালী কৰাৰ ক্ষেত্রত জিলা সভাপতি আৰু মণ্ডল সভাপতিসকলৰ ভূমিকাৰ কথা উল্লেখ কৰি সমাজত যাতে প্ৰতিগৰাকী সভাপতিয়ে এক স্বচ্ছ ভাবমূর্তি দাঙি ধৰিব পাৰে, তাৰ বাবে নিজকে প্রতিষ্ঠিত কৰাৰ বাবে আহ্বান জনায়। সভাপতিসকলক উদ্দেশ্যি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সমাগত পঞ্চায়ত নির্বাচন, স্বায়ত্তশাসিত উন্নয়ন পৰিষদ নির্বাচন, বিটিচি আৰু বিধানসভা নির্বাচনত দলৰ সেনাপতি ৰূপে অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে চাহ জনগোষ্ঠীৰ বিনন্দীয়া কৃষ্টি ‘ঝুমইৰ বিনন্দিনী’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা শুভাৰম্ভৰ বৰ্ণিল অনুষ্ঠানটোৱে চাহ জনগোষ্ঠীৰ সংস্কৃতিক এক নতুন পৰিচয়েৰে মহীয়ান কৰিছে। ইয়াৰ বাবে ৰাজ্যিক বিজেপিয়ে মুখ্যমন্ত্রী ড° শৰ্মাক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ দূৰদৰ্শী চিন্তা আৰু বিশেষ উদ্যোগত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ সন্মিলনে অসমক বিশ্ব মানচিত্র তথা দেশৰ ঔদ্যোগিক ক্ষেত্রত বিশেষভাৱে পৰিচয় কৰাই দিলে। এই পদক্ষেপে স্পষ্ট কৰিছে যে মুখ্যমন্ত্রী ড° শৰ্মাৰ দূৰদৰ্শী আৰু আধুনিক অসমৰ স্বপ্নদ্রষ্টা। এই বৈঠকত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্রসাদ তাছা, ৰাষ্ট্ৰীয় প্ৰভাৰী হৰিশ দ্বিবেদীয়েও ভাষণ দিয়ে। বৈঠকত বিশেষভাৱে উপস্থিত থাকে সদ্য বিদায়ী সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুকে ধৰি দলৰ কেইবাজনো শীর্ষ নেতা।