“বাজপেয়ী ডাঙৰীয়াই বিশ্বাস কৰিছিল- ৰাজনীতিৰ পথাৰত থাকি ভাল কাম কৰিলে মানুহৰ মনত প্রফুল্লতা আনিব পাৰি”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল 

“বাজপেয়ী ডাঙৰীয়াই বিশ্বাস কৰিছিল- ৰাজনীতিৰ পথাৰত থাকি ভাল কাম কৰিলে মানুহৰ মনত প্রফুল্লতা আনিব পাৰি”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল 

“অটলজী এনে এগৰাকী মহান জননেতা যিয়ে আমাক সমন্বয়, সেৱা আৰু সমর্পণ আৰু মানৱতাৰ আদৰ্শেৰে দেশমাতৃৰ সেৱা কৰাৰ বাবে সঠিক পথৰ সন্ধান দিলে”: সোণোৱাল

ভাৰত ৰত্ন, প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ ১০০সংখ্যক পুণ্য জন্মবার্ষিকী উপলক্ষে ডিব্ৰুগড়ৰ হাতীমূৰা তৰুণ সংঘৰ খেলপথাৰত আয়োজিত প্রার্থনা সভাত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

 “বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শ অনুসৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও দেশত সুশাসনৰ বাতাবৰণ সৃষ্টি কৰিছে”: সোণোৱাল

ডিব্রুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত ৰত্ন, প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ ১০০সংখ্যক পুণ্য জন্মবার্ষিকী উপলক্ষে ডিব্ৰুগড়ৰ হাতীমূৰা তৰুণ সংঘৰ খেলপথাৰত আয়োজিত প্ৰাৰ্থনা সভাত কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশ লয়।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অটল বিহাৰী বাজপেয়ীৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণেৰে শ্ৰদ্ধার্ঘ অর্পণ কৰে আৰু কয়, “কোনেও ক্ষুদ্র মনেৰে ডাঙৰ হ’ব নোৱাৰে, কোনেও ভগ্ন হৃদয়েৰে থিয় হ’ব নোৱাৰে – অটলজীৰ এই বাক্যশাৰী মোৰ খুবেই প্রিয়। শ্ৰদ্ধাৰ বাজপেয়ীদেৱে সুশাসন আৰু অমূল্য কৰ্মৰাজিৰ জৰিয়তে সৰ্বস্তৰৰ জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রাত উল্লেখযোগ্য অৰিহণা যোগাই সৰ্বসাধাৰণৰ কল্যাণ সাধনৰ বাবে বাজপেয়ীদেৱে দেখুৱাই যোৱা বাটেৰেই আমি অগ্ৰসৰ হ’ব লাগিব। তেখেতলৈ মোৰ সশ্রদ্ধ প্ৰণিপাত জনাইছোঁ।”

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়, “অটলজী এনে এগৰাকী মহান জননেতা যিয়ে আমাক সমন্বয়, সেৱা আৰু সমর্পণ আৰু মানৱতাৰ আদৰ্শেৰে দেশমাতৃৰ সেৱা কৰাৰ বাবে সঠিক পথৰ সন্ধান দিলে। তেখেতৰ আদৰ্শক সাৰোগত কৰি আমি ভাৰতবৰ্ষৰ ভবিষ্যৎ শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে সংকল্পবদ্ধ হৈছোঁ। আজিৰ দিনটো আমি ‘সুশাসন দিৱস’ হিচাপে পালন কৰোঁ। ভাৰতবৰ্ষত সুশাসনৰ ইতিহাস বহু পুৰণি। বিভিন্ন ৰজাৰ ৰাজত্বকালত সুশাসন প্ৰৱৰ্তন হৈছিল। নিজৰ ৰাজ্যত শান্তি প্ৰতিষ্ঠাৰ হেতুকে ভগৱান শ্ৰীৰামচন্দ্ৰই সৃষ্টি কৰা সুশাসন ব্যৱস্থাৰ কথা সৰ্বজনবিদিত। যিখন ৰাষ্ট্ৰত জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ শ্ৰদ্ধা-ভক্তিৰে দেশসেৱা কৰা হয়, প্ৰতিগৰাকী নাগৰিকৰ মান-সম্মান-স্বাভিমান ৰক্ষা কৰা হয় আৰু তেওঁলোকৰ আশা-আকাংক্ষাক পূৰণ কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱা হয়, সেয়াই হৈছে সুশাসন। সুশাসনৰ যোগেদি শান্তি, সম্প্রীতি আৰু ভাতৃত্ববোধ শক্তিশালী কৰি ৰাখিব পাৰি। বাজপেয়ী ডাঙৰীয়াই নিজৰ আটাইকেইটা কার্যকালতে ইয়াৰ নিদর্শন দাঙি ধৰিছিল।”

সোণোৱালে কয়, “বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শ অনুসৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও দেশত সুশাসনৰ বাতাবৰণ সৃষ্টি কৰিছে। বৈদেশিক মন্ত্রী হৈ থকাকালত বাজপেয়ী ডাঙৰীয়াই ভাৰত ৰাষ্ট্ৰৰ মহানতা বিশ্ব মঞ্চত প্রতিফলিত কৰিছিল। তেখেতৰ যোগ্য উত্তৰসুৰী হিচাপে মোদী ডাঙৰীয়াই আজি আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সমস্যাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আজি বৈশ্বিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ ছবি যথেষ্ট উন্নত হৈছে। ভাৰতৰ মত তথা সিদ্ধান্তলৈ পৃথিৱীৰ বহু দেশে বাট চাই থাকে। সেয়েহে বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক দেশৰ বাসিন্দা হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে। এখন বিকশিত, সমৃদ্ধ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি প্ৰতিগৰাকী নাগৰিকে সবল ভূমিকা পালন কৰিব লাগিব, যাতে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোন পৰিপূৰ্ণ হয়। কেৱল ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ নহৈ বিশ্বৰ প্ৰতিটো প্রান্তলৈ আমাৰ মহান আদর্শ কঢ়িয়াই লৈ যাব লাগিব বসুধৈৱ কুটুম্বকমৰ আদর্শেৰে। মই আমাৰ নতুন প্ৰজন্মক লৈ যথেষ্ট আশাবাদী। তেওঁলোকেও একে আদৰ্শেৰে জীৱনৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত অৱতীৰ্ণ হ’ব লাগিব। বাজপেয়ী ডাঙৰীয়াই বিশ্বাস কৰিছিল- ৰাজনীতিৰ পথাৰত থাকি ভাল কাম কৰিলে মানুহৰ মনত প্রফুল্লতা আনিব পাৰি। তেওঁলোকৰ মুখত এমোকোৰা হাঁহিৰ সৃষ্টি কৰিব পাৰি। এই হাঁহিবোৰেই এখন সুখী সমাজৰ ছবি প্ৰস্তুত কৰে। আমি বাজপেয়ী ডাঙৰীয়াৰ কথা ভাবিলেই এটা শিশুসুলভ হাঁহিৰে ভৰি থকা মুখাৱয়বখনি মনলৈ আহে। হৃদয়ত মানৱীয় প্ৰমূল্যবোধৰ শক্তিশালী অনুভূতি নাথাকিলে এই হাঁহি, এই সৰলতাৰ সৃষ্টি নহয়। সেয়েহে আমি সকলোৱে তেওঁৰ দৰে সৰলতাক আকোঁৱালি ল’ব লাগে। যুৱপ্ৰজন্মই এইবোৰ কথা বিশেষভাৱে চিন্তা কৰিব লাগে। ত্যাগ কৰিলেহে সমাজত আদর্শ প্ৰতিষ্ঠা হয়। দেশৰ বাবে কাম কৰি যি নিৰ্মল আনন্দ পোৱা যায়, তাৰ সোৱাদ আমি প্রত্যেকেই লৈ চাব লাগে। আমি আমাৰ আমাৰ কামবোৰ নিয়াৰিকৈ কৰি গ’লেই দেশৰ বাবে কাম কৰা হ’ব। তেতিয়াহে বাজপেয়ী ডাঙৰীয়াৰ আত্মাই প্রকৃত শান্তি লাভ কৰিব।”

এই কাৰ্যসূচীত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপর্ণ বৰুৱা, অসম পেট্র’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ শ্রী বিকুল ডেকা, ডিব্রুগড় পৌৰ নিগমৰ মেয়ৰ শ্ৰী চৈকত পাত্ৰ, উপ- মেয়ৰ শ্ৰী উজ্জ্বল ফুকন, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্রী অসীম হাজৰিকা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ শ্ৰী ইন্দ্ৰ গগৈ, অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ শ্রী সুভাষ দত্ত, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ শ্ৰী সুনীল ৰাজকোঁৱৰ প্ৰমুখ্যে সতীৰ্থসকল আৰু গণ্য-মান্য ব্যক্তিসকল কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে।