বাংলাদেশত যিসমূহ ঘটনা সংঘটিত হৈছে সেয়া অত্যন্ত দুখজনকঃমুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশত ইস্কনৰ ধৰ্মীয় গুৰুক গ্ৰেপ্তাৰৰ পাছতে সৃষ্টি হোৱা পৰিস্থিতিক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৰাকৰ লক্ষীপুৰত এটা অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশত যিসমূহ ঘটনা সংঘটিত হৈছে সেয়া অত্যন্ত দুখজনক। ঘটনাৱলী সন্দৰ্ভত ভাৰত চৰকাৰে ইতিমধ্যে প্রতিক্রিয়া প্রকাশ কৰিছে। তেওঁ কয়- ‘বাংলাদেশত সংখ্যালঘু হিন্দুসকলক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে, তাৰ বাবে প্ৰচেষ্টা কৰি আছে। আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত-বাংলাদেশৰ হিন্দু সংখ্যালঘুসকলৰ লগত থিয় হৈ আছোঁ। তেওঁলোকৰ যি নিৰাপত্তাহীনতা, দুৰৱস্থা তথা যিধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, অত্যাচাৰ কৰা হৈছে আমি সকলো চিন্তিত হৈ আছোঁ। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ সক্ষম হ’ম।’ আনহাতে ভাৰত-বাংলাদেশ সীমান্তৰে চুবুৰীয়া দেশখনৰ পৰা হিন্দু লোক অসমৰ ফালে অহাৰ কোনো প্রমাণ পোৱা নাই বুলিও তেওঁ উল্লেখ কৰে।