বহো তাঁতৰ পাতত চকু আলিবাটত
মাকো সৰি সৰি পৰে
ব’হাগৰ আগমনত কুলি কেতেকীৰ
কু -কু শব্দৰ ঝংকাৰত
শিপিনীৰ মুখত বিৰিঙি উঠে
আনন্দৰ বন্যা।
লগতে মুখমণ্ডত উদ্ভাসিত হৈ উঠে
এটি আনন্দৰ জোৱাৰ।
প্ৰাণ চঞ্চলা গাভৰুৱে
নিজৰ প্ৰেমাস্পদক
এখন বিহুৱান যাচিঁবলৈ
ক’তো যে ব্যাকুল হৈ থাকে মন—
তাঁতৰ শালত পৰীৰ দেশৰ
সাধু ৰচা , অসমীয়া
জীয়াৰী বোৱাৰীয়ে
অতি চেনেহৰ মুগাৰে মহুৰা
ফুৰোৱা যঁতৰটিকো–
ঢোলৰ মাত শুনি, ঠেকেছা মাৰি থৈ
বিহু মাৰিবলৈ যোৱা কথাটি
সচাঁকৈয়ে প্ৰাণস্পৰ্শী।
জাতিৰ পিতা মহাত্মাগান্ধীয়ে
অসম ভ্ৰমণলৈ আহি
অসমীয়া শিপিনীৰ
কৰ্ম নিপুণতা দেখি
অভিভূত হৈ কৈছিল-
“অসমৰ শিপিনীয়ে
তাতঁশালত সপোন ৰচে “এই তাতঁশালতে অসমীয়া গাভৰুৱে
মৰমৰ দীঘ দি চেনেহৰ বাণী লৈ
হেঁপাহৰ আঁচুৰে আৰু
সপোনৰ ফুলেৰে ফুলামকৈ
বিহুৱান বৈ থাকোতে,
মৰমৰ বিহুৱা জনক
এপলক চোৱাৰ হেঁপাহত
চকু আলিবাটত থাকে।
ঢুলীয়াৰ ঢোলৰ শব্দত
তাতঁশালৰ মাকো
বাৰে -বাৰে সৰি পৰা দৃশ্যই
প্ৰেম সাগৰত হাবু ডুবু খাই থকা
ৰঙিয়াল ডেকা -গাভৰুৰ
মনৰ বতৰা দিয়ে।
সেয়েহে বিহুগীত আছে
আগলি বাহেঁৰে লাহৰি গগনা
বহি তাঁতৰ পাতত বাওঁ
আহে কি নাহে মোৰ ধন বহনা
চিৰি পাতি নাঙলখন চাওঁ।
সেয়েহে এই তাঁতশালখন
যুগে যুগে অসম আৰু অসমীয়াৰ
বৰ্ণাধ্য সংস্কৃতিৰ
এক অনন্য প্ৰতিভূ হৈ ৰৈ
অসমীয়া সংস্কৃতি
বিশ্বৰ দৰবাৰত
জিলিকাই ৰাখিব।
পাৰুল বৈশ্য
গুৱাহাটী