বহু প্রত্যাশিত অসমীয়া বেব ছিৰিজ ‘স্কেম ২০১৯’ৰ অফিচিয়েল পোষ্টাৰ মুকলি

বহু প্রত্যাশিত অসমীয়া বেব ছিৰিজ ‘স্কেম ২০১৯’ৰ অফিচিয়েল পোষ্টাৰ মুকলি
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  আজি মুকলি কৰা হয় চলিত বৰ্ষৰ শেষৰফালে মুক্তি পাবলগীয়া বহু প্রত্যাশিত অসমীয়া ৱেব ছিৰিজ ‘স্কেম ২০১৯’ৰ অফিচিয়েল পোষ্টাৰ। উল্লেখ্য যে, এই কাল্পনিক ৱেব ছিৰিজখন এজন উদ্ভণ্ড আৰু দুর্নীতিগ্রস্ত চৰকাৰী বিষয়াৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ছিৰিজখনৰ সেই বিষয়াজনক এখন সমাজৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ বাবে নিযুক্ত কৰা হয়, কিন্তু ইয়াৰ পৰিবৰ্তে তেওঁ এটা দশকৰ সৰ্ববৃহৎ কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰে। পৰিণামস্বৰূপে সেই বিষয়াজন কেৱল বিত্তীয় লোকচানৰ কাৰণ হোৱাই নহয়, বৰং শাৰীৰিক, মানসিক আৰু আনকি ৰাজ্যখনৰ পৰিচয়ৰ বাবেও এক ভয়াবহ সংকট হৈ পৰে।
গুৱাহাটীত অনুষ্ঠিত ৱেব ছিৰিজখনৰ পোষ্টাৰ মুকলি অনুষ্ঠানত ৱেব ছিৰিজখনৰ প্রযোজক আভিজিত শর্মাই কয়, “আমাৰ আহিবলগীয়া ৱেব ছিৰিজ ‘স্কেম ২০১৯’ব আজি পোষ্টাৰ মুকলি কৰি অতিশয় আনন্দিত অনুভৱ কৰিছোঁ। দীপাৱলীৰ সময়ত আমি বেব ছিৰিজখনৰ অফিচিয়েল ট্রেইলাৰ মুকলি কৰিম। বছৰৰ শেষৰফালে এই ৱেব ছিৰিজখন ৰেড চিনেমাছ ১৮+ নামৰ অ’টিটি প্লেটফর্মত মুক্তি দিয়া হ’ব।”
ৰেড চিনেমাছ হৈছে ৰাজ্যখনৰ প্ৰথম ১৮+ অসমীয়া অটিটি প্লেটফর্ম। এই অ’টিটি প্লেটফৰ্মত ৱেব ছিৰিজখন অসমৰ লগতে বাংলাদেশ আৰু মধ্যপ্রাচ্যৰ দৰ্শকক লক্ষ্য কৰি একাধিক ভাষাত দৃশ্য সংলাপৰ সৈতে মুক্তি দিয়া হ’ব। মন কৰিবলগীয়া যে, মাত্র ৫০ টকাতে ‘স্কেম ২০১১’ ৱেব ছিৰিজখন দর্শকৰ বাবে উপলব্ধ হব।
প্রণিধানযোগ্য যে, এই বহু প্রত্যাশিত বেব ছিৰিজখনত অভিনয় কৰিছে অসমীয়া ছবি আৰু ভ্ৰাম্যমান জগতৰ জনপ্রিয় অভিনেতা যতীন বৰাৰ লগতে বিভূতি ভূষণ হাজৰিকা, মৈত্রেয়ী গোস্বামী, মাণিক ৰয়, ভৱেশ দাস, য়াংকি পৰাশৰ, অৰ্চনা পূজাৰী, হিমাক্ষী বৰা আৰু আৰ কেৰ দৰে নবীন-প্রবীণ অভিনেতা-অভিনেত্রীয়ে। ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে আৰ কেয়ে। কাহিনী আৰু প্রযোজনা আভিজিৎ শৰ্মাৰ। আনহাতে চিত্রনাট্য আৰু সংলাপ ভাস্কৰ ডেকাৰ। ৱেব ছিৰিজখনৰ চিনেমেট’গ্রাফী বিতুল দাসব, সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই আৰু সংগীত দিছে বিদীপ দাসে।