ব’হাগ অহাৰ আনন্দত
ফাগুণে উৰুৱাই থৈ যোৱা ধূলিৰ পিছত
ৰঙত ৰাঙলী হৈ
আহিল আকৌ
ব’হাগৰ বহাগী ,
ন ন কুঁহিপাতে পোখা মেলিলে
চৌদিশে থকা গছ – গছনিত ।
ফুলিব ধৰিলে চৌদিশে
নাহৰ ,তগৰ আৰু কপৌ ।
ব’হাগৰ বা লাগি
বিহুৰ কৰ্মশালাত
প্ৰাণ ভৰি নাচিবলৈ ,
আগবাঢ়ি আহিল
ব’হাগৰ নাচনী ,
দুহাতত লগাই জেতুকা ।
ঘৰে ঘৰে পিঠা – পনা , জা – জলপান
খুন্দাত ব্যস্ত হ’ল ,
গাঁৱৰ ৰূপহী জীয়াৰী ,আৰু বোৱাৰী
ঢোল , পেঁপাৰ মাতত
চৌদিশ ৰজনজনাই উঠিল
মনবোৰ হ’ল থৌকি বাথৌ ।
আনন্দত আত্মহাৰা হ’ল আজি
সকলো জনগণ ।
প্ৰস্তুতি চলিছে মাথোঁ
ব’হাগৰ বিহুটিক আদৰিবলৈ বুলি
ঘৰে ঘৰে হুচৰি ,আৰু পিঠা – পনাৰ জুতি ।
নিয়ম – নীতিৰে পালন কৰে
ব’হাগৰ বিহুৰ ক্ষণত ।
লখিমী শৰ্মা
যোৰহাট