ব’হাগক নিজৰ কৰাৰ সপোন
লক্ষী প্ৰসাদ ৰেগন
মদাৰজোপাই আকাশ ৰঙা কৰিছে
টাকুৰি ঘূৰাদি ঘূৰিছে দিন মাহ বছৰ
আমজোপাই ব’হাগ অহাৰ কথা ক’লে।
কঁঠালেও সহযোগ কৰিছে
দ্ৰুত বেগত ব’হাগৰ কথা
কাৰোবাৰ অন্তৰ উমি উমি জ্বলিছে
উৎসৱবোৰ এনেকুৱাই কাৰোবাক আনন্দ দিয়ে
কাৰোবাক নিৰাশ কৰে
ব’হাগ মানেই পঁয়া লগা বতৰ
উৰুকা পঁজাবোৰৰ ইচাট্-বিচাট্ মন
মই বহু সপোন দেখিছোঁ
দেখিছোঁ ব’হাগক ভাল পোৱাৰ সপোন
ব’হাগক নিজৰ কৰাৰ সপোন