বসন্ত
আয়নাল হক , ধুবুৰী
লঠঙা ডালত হাঁহি বিৰিঙাই
বসন্তই মাৰিছে সুহুৰি
সাৰ পালে প্ৰকৃতি
সজ্জিত হ’ল নতুন ৰূপেৰে–!
বৰদৈচিলা বাউলি হৈ
উৰা মাৰিলে আকাশ ফালি–!
প্ৰেমিক চৰাইজনীৰ মিঠা মাতে
চকুৰ টোপনি সৰে–।
তাঁতশালত ৰঙিলীৰ মাকোঁৰ খিটখিটনি
বিহুৱান উলিয়াবই লাগিব বিহুৰ আগতে।
কপৌ,ভাটৌফুল প্ৰস্ফুটিত হ’ল
গছৰ সেউজী ডালে ডালে–।
অসমীয়া সাজু হ’বৰ হ’ল
চেনেহৰ বিহুটিক আদৰিবলৈ ঢোলে-ডগৰে…।