বসন্তৰ পৰশত – ৰশ্মি ৰেখা দুৱৰা

বসন্তৰ পৰশত

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

উন্মনা ফাগুনত ধুলিয়ে আচ্ছন্ন কৰা
শুষ্ক হৃদয়খনক বসন্তৰ পৰশে
ৰসসিক্ত কৰি ৰঙীন আবিৰ সানি
গালে মুখে আঁকি দিছে আনন্দৰ চুম্বন।
ঢোলৰ চেৱে চেৱে,পেঁপাৰ লহৰে লহৰে
বিহুনামৰ সুৰত ব’হাগীৰ সতে হালি-জালি
এপাক নাচি ৰঙালীৰ ৰঙত মতলীয়া।
গছৰ ডালত বহি কুলি-কেতেকীয়ে
সুৱদি মাতেৰে জুৰিছে বিহুনাম
বসন্তৰ পৰশতে ফুলে-ফলে
গছে-পাতে জাতিষ্কাৰ প্ৰকৃতি
অসমীয়াৰ মনত ন-ন ভাবৰ উকমুকনি।
চোতালৰ মনোমোহা কপৌ,তগৰ,
কেতেকীয়ে মাৰিছে মিচিকিয়া হাঁহি
নেঘেৰি,কলডিলীয়া খোপাত জিলিকাৰ আশাত।
ডিঙিত গলপতা,কাণত কেৰুযুৰি
হাতত জেতুকাৰ বুলেৰে সাজোন-কাচোন।
ৰঙালীৰ ৰঙেৰে ৰংৰ বাৰ্তা কঢ়িয়াই
শুষ্ক হৃদয়খনক ৰসৰ সমাহাৰ ঘটায়
বসন্তৰ পৰশতে মানৱ,প্ৰকৃতি
সৱে বৰণ সলায় ৰঙালীৰ ৰঙতে ব্যাকুল।