বসন্তৰ আগমন – এছ ইছলাম 

বসন্তৰ আগমন 
এছ ইছলাম 
জাৰৰ অন্তত
ফাগুনৰ শেষত
বসন্তৰ আগমন
ডেকা-গাভৰুৰ
উতলা হয় মন।
বসন্তৰ পয়োভৰত
প্ৰাণ মোৰ হৰষিত
কুলি-কেতেকী
বলিয়া হৈ পৰে
মনৰ আনন্দত।
আমে মলিয়ালে
কঠালে পেলালে মুচি
নদীৰ উজনি জোৱাৰত
দুয়ো কুল পৰে উপচি।
গছে গছে মেলে
নতুন কুঁহিপাত
চৰায়ে গীত গায়
মনৰ আনন্দত ।
সেউজীয়া পথাৰখন
  উপচি পৰে চোন
শালি ধানৰ
 সেউজী বৰণ।
আই বসুমতী
    হৈ পৰে যুৱতী
চহাৰ বুকুত
আশাৰ যুগুতি।