বসন্তৰ আগমন
অনিতা গগৈ, নগাওঁ
শীত শেষত ফাগুন আহে ধৰালৈ
পলাশ মদাৰৰ ৰংচঙীয়া দিনবোৰ
আঙুলিৰ ফাকতে সৰকি ওলালে যাবলৈ ৷
শিমলুৰ তুলাই ধৰণীত দলিচা পাৰিলে
সৰাপাতে ফাগুন অহাৰ খবৰ দিলে ৷
ফাগুনৰ শেষত বসন্ত আহে
মন প্ৰাণ উতলা কৰে
কুলি কেতেকীয়ে আনন্দতে নাচি উঠে ৷
বৰদৈচিলা আহে মাকৰ ঘৰলৈ
বসন্ত অহাৰ জাননী দিবলৈ
বৰদৈচিলাৰ আগমনে প্ৰকৃতি বিনষ্ট কৰে
ঘৰ দুৱাৰ গছগছনি ভাঙি
তৎক্ষণাতে তচনচ কৰে ৷
ফাগুনৰ বা’ লাগি উতলা হয় মন
প্ৰকৃতিৰ বুকুলৈ নমাই আনে
উতলা ভৰ যৌৱন ঢল ৷
ফাগুন মানেই আকাশ ৰঙা,পৃথিৱী ৰঙা,
মদাৰ ৰঙা, পলাশ ৰঙা আৰু ৰঙা গোলাপ ৷
ফাগুনৰ বলিয়া বতাহে হৃদয় কঁপায়
প্ৰকৃতিয়ে ৰূপ সলাই কুঁহিপাতে পাহি মেলে
সৰাপাতে নিৰলে উচুপি উঠে
পুৰণিৰ বিদায় নতুনৰ আগমন
এইয়া যে প্ৰকৃতিৰ নিয়ম ৷