বসন্তৰ আগমনৰ বাৰ্তা – ছেলিমা বেগম

PC Birds of the World
বসন্তৰ আগমনৰ বাৰ্তা 
ছেলিমা বেগম, নগাওঁ
ঋতু আহে আৰু ঋতু যায়
শীত  ঋতু গৈ গৈ  বসন্তৰ আগমনৰ বাৰ্তা আনি দিলে
সকলো ঋতুৰ পূজাৰী  তুমি আমি জানো ।
বসন্ত তোমাক আদৰিবলৈ ৰৈ আছে
জগত জিলিকীয়াই আহিলা তুমি
ফাল্গুনি নঙঠা কৰি থৈ যোৱা বৃক্ষ, বিৰিণা
আশাৰে বাট চাই আছে তোমালৈ নতুন যৌৱন পাবলৈ
ন ন কুঁহি পাতেৰে নতুন পিন্ধিলে বৃক্ষ, বিলাকে
নতুন পিন্ধি কন্যা সাজিলে নিজকে
আমে মলিয়ালিই,কঁঠালে মুচি দিলে
ধৰণী খন জাক -জমক্ কৰি তুলিছে ।
বসন্তৰ ৰাজ ৰাণী আহিলে ধৰণী লৈ
দেৱদাৰুৱে নতুন পিন্ধিলে বসন্তক পাই
নাহৰ,কপৌ,এজাৰ ৰৈ আছে তোমালৈ
কুলি গীত গাবলৈ ধৰিলে কু…উ, কু…উ বুলি।
বসন্তক পাই কেতেকী ভাই ইনাই-বিনাই
গীত গাবলৈ ধৰিলে নিজৰ ধৰ্ম পালন কৰি
অ’কেতেকী, অ’কেতেকী, অ’কেতেকী
বসন্তৰ আগমনৰ বাৰ্তা পাই আমি আহিলোঁ সাজি, কাচি।