বসন্তৰ আগমনৰ বাৰ্তা
ছেলিমা বেগম , নগাওঁ
ঋতু আহে আৰু ঋতু যা ,
শীত ঋতু গৈ গৈ বসন্তৰ
আগমনৰ বাৰ্তা আনি দিলে
সকলো ঋতুৰ পূজাৰী
তুমি আমি জানো ।
বসন্ত তোমাক আদৰিবলৈ ৰৈ আছে ,
জগত জিলিকি আহিলা তুমি
ফাল্গুনি নঠঙা কৰি থৈ যোৱা বৃক্ষ, বিৰিণা
আশাৰে বাট চাই আছে
তোমালৈ নতুন যৌৱন পাবলৈ ।
ন ন কুঁহি পাতেৰে নতুন পিন্ধিলে বৃক্ষ,
নতুন পিন্ধি কন্যা সাজিলে নিজকে
আমে মলিয়ালিই, কঁঠালে মুচি দিলে
ধৰণী খন জাক -জমক্ কৰি তুলিছে ।
বসন্তৰ ৰাজ ৰাণী আহিলে ধৰণী লৈ
দেৱদাৰুৱে নতুন পিন্ধিলে বসন্তক পাই
নাহৰ,কপৌ,এজাৰ ৰৈ আছে তোমালৈ
কুলি গীত গাবলৈ ধৰিলে
কু—উ, কু —উ বুলি।
বসন্তক পাই কেতেকী ভাই ইনাই-বিনাই
গীত গাবলৈ ধৰিলে নিজৰ ধৰ্ম পালন কৰি
অ’কেতেকী, অ’কেতেকী ,অ’কেতেকী
বসন্তৰ আগমনৰ বাৰ্তা পাই
আমি আহিছোঁ সাজি, কাচি ।