বয়ফ্ৰেইণ্ড-ববিতা বৰা,কলিয়াবৰ

pc-insidechronicle

বহু ৰাতি মই উজাগৰে কটাইছো।উজাগৰী বহু নিশা মই কান্দিছোও নীৰৱে।মোৰ কান্দোন কাকো শুনিবলৈ দিয়া নাই মই।সচাঁকৈয়ে,ৰাতিৰ দ্বিতীয় প্ৰহৰত চিঞৰবোৰ চেপি ৰাখি  কোনেও নোশোনাকৈ উচুপি উচুপি কন্দাটো বহু কষ্টকৰ।

মোৰ শিতানৰ গাৰুটোৱে মোৰ দুকচুৰ লোটকত বাৰম্বাৰ অগ্নিস্নান কৰে,বুকুত কঢ়িয়াই ফুৰে চকুপানীৰ দাগ।তথাপি,এই গাৰুটোৱেই মোৰ একমাত্ৰ সংগী,যাৰ কোলাত মই মূৰ থৈ নিৰ্ভয়ে কান্দিব পাৰো,মোৰ চকুপানীবোৰ ই যে সামৰি লয় বিনাদ্বিধাই।
কি বিচাৰি কান্দিছো বা কি হেৰুৱাই কান্দিছো,সেইটো মই নাজানো।মই মাথো এটাই জানো যে মই অন্তৰত খুউব আঘাত পাইছো,যি আঘাত মই সহ্য কৰিব পৰাকৈ চকুপানীবোৰক কাবু কৰিব নোৱাৰি,উশাহবোৰ স্বাভাৱিক ভাৱে লʼব নোৱাৰি বা সুখী থাকিব নোৱাৰি।এনে বহু ৰাতি,মোৰ নাকটো সোপা মাৰিও ধৰিছে,বুকুত হেচাঁ মাৰিও ধৰিছে আৰু উশাহবোৰক চেপি ধৰি মোক যান্ত্ৰণা দিছে বিষাদবোৰে।
মই নিজকে বুজাব নোৱাৰা হওঁ,ইচ্ছা মৃত্যুৰ বাবে ভগৱানক স্তূতি কৰো।আনকি বেল্ডৰে অকিয়াই দিওঁ হাত..নিজকে শাৰিৰীক কষ্ট এইবাবেই দিওঁ যাতে মই ভূগি থকা মানসিক কষ্টৰ তুলাচনীখনত অলপ হʼলেও তফাৎ আহে,তেজ বিৰিঙা হাতখনৰ চেকচেকনিত ক্ষনিকৰ বাবে পাহৰি পেলাও মানসিক পীড়া।
নাজানো,ইমান কিয় দহে বুকুখন।
এনেকুৱাইনে ভালপোৱা?নহয়।মই ভালপোৱাৰ সংজ্ঞা নাজানো,মাথো অন্তৰ খুলি ভালপাব জানো সেইবাবেই নেকি মোৰ দুইওবাৰেই প্ৰেমৰ শিকলিদাল ভাগি গʼল।
কোনোবাই মোক এতিয়া প্ৰশ্ন কৰিব,দুয়োবাৰ মানে?মোৰ কোনোবা প্ৰথম প্ৰেমিকও আছিল নেকি?
অʼ।
আছিল।মোৰ প্ৰেমিক আছিল,অন্তৰৰ এফাল যাক কয়,তেনেকুৱা।এই যে তৰা নোহোৱা আকাশখন ফিকা,ফিৰ ফিৰিয়া এজাক বতাহ নোহোৱা প্ৰচণ্ড গৰম কিম্বা এটুপী পানী নহোৱা এটা শুকান গলা..
তাৰ বিনে মইও তেনেকুৱা,আধৰুৱা।ভালপোৱাবোৰ অপৈণত আছিল সম্ভৱ নে ঘূণে ধৰা..এচমকা বিজুলীৰ দৰে চকুত চাট মাৰি আতৰি যোৱাৰ বেলিকা মই পাগলৰ দৰে ধৰফৰাইছিলো তাক বিচাৰি।উশাহ বুলিবলৈ মাথো বতাহ লৈছিলো,হৃদয়ত সেইজাক বতাহত মই মৃত্যুৰ গান শুনাই এটা নিষ্পাপ শিশুৰ দৰে মুখত এসোপা গৰল ঢালি শোৱাবলৈ যত্ন কৰিছিলো নিজকে।
সচাঁকৈ কʼবলৈ গ’লে,মই অন্যমনস্ক হৈ পৰিছিলো।আতঁৰি গৈছিল জীৱনৰ প্ৰতি মোহ তথাপি মই তাৰ নতুন প্ৰেয়সীৰ মাজত কোনোদিন আউল লগোৱাৰ চেষ্টাটো বাদেই,চিন্তা কৰিও নাপালো।নাজানো,মই কিয় নমৰিলো,যি দিনা সি পুনৰ মোৰ ওচৰলৈ ঘূৰি অহা ছলেৰে আকৌ ভাঙি থৈ গুচি গুচি গৈছিল মোৰ ভালপোৱাৰ কলিজাখন।মই অপেক্ষা কৰিছিলো তালৈ আৰু সি মোৰ অপেক্ষাত ঝুলনা খেলি ইপাৰৰ পৰা সিপাৰ বগাই ফুৰিছিল অন্য কোনোৰ হাতত ধৰি।তাৰ‌ প্ৰেয়সীবোৰৰ দৰে মোৰ হাতত যথেষ্ঠ টকা নাছিল,মোৰ চুলিবোৰ ষ্ট্ৰেইট নাছিল,মই পিন্ধা নাছিলো অত্যাধুনিক পোছাক,কৃত্ৰিমতাৰ ৰহণ!সেইবাবেই সি লাজ পাইছিল আৰু হত্যা হৈছিল ভালপোৱাৰ,হত্যা হৈছিল মোৰ।
নিজকে সামৰিবলৈ যথেষ্ঠ সময় লাগিছিল মোৰ।
এতিয়া উপলব্ধি কৰো,তাৰ দৰে ইমান আক্ৰোশী প্ৰেমিকবোৰ কোনোবা এজনী ছোৱালীৰ লগত বাৰু পাৰিবনে তিষ্ঠিব!বাহ্যিকতাত মজমজীয়া এনে পুৰুষবোৰৰ বাবে ভালপোৱা কি,মাথো এখন বজাৰ?
সন্মোহিতৰ দৰে মই যে সেই তেতিয়া তাৰ বাবে ইমান তৎপৰ হৈ নিজকে শেষ কৰিবলৈ ফেনত উলমিবলৈও চেষ্টা কৰিছিলো, কিমান আছিল তেতিয়া মোৰ বয়স?১৬…১৭…!আচৰিত।
মোৰ তেতিয়া ১৯ বছৰ।
তাক লগ পাইছিলো।
দ্বিতীয়বাৰৰ বাবে কাৰোবাক এনেই ভাল লাগিছিল।সি মোক কৈছিল,’তোমাক মই ভালপাওঁ।’
উত্তৰ দিবলৈ মোৰ একো নাছিল।মই জানো,ভালপাবলৈ মোক সময় লাগিব।হৃদয়খন শিহৰিত হ’ব পৰাকৈ চুব লাগিব ভালপোৱাই।মোৰ মনত,ভালপোৱাক লৈ হাজাৰ কল্পনা,সৰু‌ সৰু আশা..।
প্ৰথম বিফল প্ৰেমৰ দৰে এই প্ৰেমটো মই যদি আকৌ ভাগি চূড়মাৰ হওঁ!আকৌ যদি সন্মুখীন হওঁ প্ৰতাৰণাৰ!আকৌ যদি ব্ৰেকআপৰ কাৰণ বোৰ হয় কাপোৰ,টকা,বাহ্যিকতা..আকৌ যদি ভাগি যাওঁ মই!
মই তাক কৈছিলো,সম্পৰ্কৰ আৰম্ভণিতে মোৰ পূৰ্বৰ প্ৰেমিকৰ কথা,প্ৰেমৰ কথা। কৈছিলো,’মই ভাৰ্জিন নহয়।এতিয়া পাৰিবানে মোক গ্ৰহণ কৰিব?’
চাৰি/পাচঁ বছৰ হৈ গৈছে দ্বিতীয় প্ৰেমিকৰ লগত মোৰ সম্পৰ্ক।
আজি লৈকে সি মোক শুধা নাই,’তুমি সুখী নে!?’
মই আজিও ভিতৰি চিঞৰি কান্দো।আত্মাৰ বিননি কেৱল মই শুনা পাওঁ।মোৰ মনত নাই,জীৱনত কেতিয়া মই প্ৰাণ খুলি হাহিঁছো,কেতিয়া নিজকে সম্পূৰ্ণ যেন অনুভৱ কৰিছো বা কেতিয়া একেলগে অস্তসূৰ্য্যৰ ৰঙীন ৰঙত ৰঙাই পাইছো নিজৰ মন।
মই খুউব উদাসীন।আনকি সি মোক চুই চোৱাৰ বেলিকাতো মই এটা নিৰস পক্ষী।
সৰু সৰু কথাবোৰে খুন্দিয়াই হৃদয়ৰ কাষে-বেৰে।
মই বিচাৰো,সি মোৰ কপাঁলত এটা চুমা খাওঁক,মোৰ হাতখনত ধৰক।মোক অন্তৰৰ পৰা ভালপোৱা যাচঁক,যি ভালপোৱাক সোঁৱৰি মই যাতে মৃত্যুলোকতো জয়গান গাব পাৰো।
মোৰ ইচ্ছা আছিল,মোৰ চূলিকোচাক লৈ সি যেন প্ৰশান্তিৰ কবিতা লিখক,মোক কওঁক ‘চুলিকোচা বান্ধি ৰাখাচোন,খোলা চুলিত তোমাক খুউব ধুনীয়া দেখি।মই নিবিচাৰো মোৰ বাদে কোনো অন্যই তোমাৰ চুলিৰ প্ৰেমত পৰাতো…।’ মোৰ অন্যবস্ত চুলিবোৰ সামৰি মোক আতঁৰাই দিয়ক কপালত পৰি ৰোৱা সৰু সৰু অভিমানী চুলিবোৰ।মোক যাতে কওঁক,’চুলিখিনি নাকাটিবা,কৃত্ৰিম ৰঙ নকৰিবা।’
মোৰ হাত দীঘল কূৰ্তাটো পিন্ধিলে,সি যাতে আফচোচ নাপাই।জীনছ্ পিন্ধিলে যাতে অভিমান কৰে।বতাহত আচল খহিলে সি যাতে মোক গালি পাৰে,আটি আটি ঢাকি দিয়ে যাতে মোৰ বিশৃংখলিত চাদৰখনে উলিয়াই দিয়া নাড়ী অংশ আৰু মোক কওঁক,’তুমি ভালকৈ কাপোৰ পিন্ধিব নাজানা নেকি!?’
মই আজি কি পিন্ধি আহিছো সেইটো বিচাৰ নকৰি,এবাৰ কওঁক ‘ আধা শৰীৰ উলিয়াই এইবোৰ কাপোৰ তুমি মোৰ ওচৰতেই যি পিন্ধিলা,ভূলতো যাতে দ্বিতীয়বাৰ এইবোৰ পিন্ধি বাহিৰ নোলোৱা..ʼ
মোৰ কাণ খনে এতিয়াও বিচাৰে তাৰ পৰা শুনিবলৈ এটা কথা,’ব’লা,একেলগে অস্তৰাগী বেলিটো চাই সুখ দুখৰ কথা পাতো।কল্পনাৰ সাগৰখনত একেলগে ডুবি চাওঁ বʼলা।নাইবা, একেলগে এইজাক বৰষুণত তিতি চাওঁ,মনৰ বিষাদবোৰ একেলগে ধুই নিওঁ ব’লা…।’
মোৰ মনতেই নাই,কেতিয়ানো সি মোৰ মনতো উমলাইছিল..
মোৰ মনৰ এই সৰু সৰু ইচ্ছাবোৰৰ বাবেই মই হাহিঁয়তাৰো পাত্ৰ হৈছো,তথাপি কিমান যে হেপাহঁ সোমাই আছে মোৰ মনত।
মই সুখী নহয় কাৰণ মোৰ লগত মনৰ কথা পাতিবলৈ তাৰ সময় নাই,বুজিবলৈ তাৰ ধৈৰ্য্য,ধাউতি নাই।
দুখ লাগে।
যেতিয়া ফেচবুকৰ ধুনীয়া ছোৱালীবোৰৰ প্ৰত্যেকখন ফটোতেই তাৰ লাইক,কমেন্ট থাকে।মই ইমান ঠেক মানসিকতাৰ নহ‌য় যে কেৱল লাইক আৰু কমেন্টৰ বাবেই মই তাক সন্দেহ কৰিম!
মোৰ বয়ফ্ৰেইণ্ডে যেতিয়া মোৰ এটা মেছেজ বা কʼলত ব্যস্ত আছো বুলি কৈ ফেচবুকত অনলাইন থাকে,চিংগল আছো বুলি কৈ কোনো ছোৱালীক ফোন নম্বৰ খোজে,মোৰ পৰা ব্যস্ততাৰ অজুহাত লৈ অন্যৰ লগত কথা পাতে…মই কি ভাৱিম?
কোন বুলি সুধিলে সদায়েই ভন্টী বা বাইদেউ বুলি পৰিচয় দিয়ে,আনকি বিবাহিত মহিলা পৰ্যন্ত যদি হাত সাৰি নাযায়,কথাবোৰ বন্ধুত্বৰ পৰা সলনি হৈ শাৰিৰীক পৰ্যন্ত হৈ পৰে, তাত মোৰ মানসিকতা ঠেক কিয় নহʼব।
মই কাৰ লগত কথা পাতো,কোন কোন মোৰ বন্ধু,সি নোশুধাকৈও মই অনৰ্গল কৈ যাওঁ।অথচ আজিলৈকে তাৰ চিনাকিবোৰ ৰহস্য মোৰ বাবে।
তাৰ চঞ্চলতাৰ
বহুবাৰ প্ৰমাণ পাই ক্ষমা কৰি দিয়াৰ পিছতো যদি সেই মোহ সি এৰিব নোৱাৰে,এইয়া ভালপোৱানে?
 যি পুৰুষে মোৰ মনৰ কথা শুনিবলৈ ধৈৰ্য্য নাথাকে,সেই পুৰুষে যদি কোনো অন্য কোনো নাৰীৰ শৰীৰৰ খলা বমাৰ হিচাপ ৰাখে,সেইয়া ভালপোৱা নে?
মোৰ সকলো অতীত সি জানে অথচ তাৰ অতীতটো দূৰৰে কথা বৰ্তমানো মই বুজিব নোৱাৰো,ভবিষ্যত এটা কৌতুকৰ বাদে অন্য একো নহয়।
কিয়?
ভালপোৱাত ইমান শক্তি নাইনে?মাথো এজনী প্ৰেমিকাৰে হৃদয় নভৰে নে,তেন্তে সচাঁ কথা কৈ আতৰিঁ নাযায় কিয়?এনে এটা সম্পৰ্কৰ পৰা মই যদি স্ব-ইচ্ছাই ওলাই আহো মোক তেতিয়া কি ক’ব আপোনালোকে?বেশ্যা?লʼৰা পাগল?নে অন্য কিবা?
মইও নাজানো মোৰ নো এইয়া কিহৰ টান।মোৰ বাবে সাথঁৰ, এইয়া তাৰ ভালপোৱা নে অন্য কিবা,যেতিয়া মোক হাতত ধৰি সি ৰাস্তা পাৰ কৰাই দিছিল,মোৰ অসত্বীত্ব মানি লৈছিল।
অথচ মোৰ হৃদয়খন কোঠাঘাত কৰিছিল,মোৰ উপস্থিতিটো অন্য নাৰীক কামনা কৰিছিল।
প্ৰথম প্ৰেমিকে ভালপোৱাৰ দোহাই দি মোৰ ভাৰ্জিনিটিহে কাঢ়ি নিছিল আৰু ই মোৰ মনটোৱেই চুৱা কৰি পেলালে,নিজৰ চকুত নিজকেই চাব নোৱাৰা কৰি পেলালে।
মোৰ হাতত এতিয়াও দাগ আছে।ডাঠ কৈ।
সমস্ত দুখবোৰে মোক একেলগে হেচাঁ মাৰি কোঙা কৰি পেলাইছে।
বহু ৰাতি লৈ মই আজিও উচুপি কান্দিছো।
শৰীৰৰ টানতকৈ মনৰ টানে মোক খুলি খুলি খাইছে।অকলশৰীয়া হোৱাৰ যান্ত্ৰণাতকৈও বেচি, প্ৰেমৰ প্ৰতাৰণায়ে মোক চেপি ধৰিছে ডিঙি,মুখ,উশাহ।
ক’ত থাকে বাৰু আত্মাৰ প্ৰেম?
ক’ত থাকে সাৱিত্ৰী-সত্যৱান,নল-দময়ন্তীৰ দৰে ভালপোৱা? ক’ত আছে সতী-মহাদেৱৰ দৰে প্ৰেমিক।
নে ভূল মোৰেই নেকি?
মইয়েই নহয় নেকি উৎসুক? উদ্দীপনাৰ চৰম সীমা মই নাপাওঁ নেকি নে মোৰ শৰীৰত নাই 32-34-32 ৰ ভূগোল!
 মই মোৰ মনৰ মানুহজনক দেখা নাই।
মই এজন প্ৰেমিকক দেখা নাই।
আৰু এতি‌য়া,উভটি চোৱাৰো মোৰ মন নাই বা মই হাৰি গৈছো বাস্তৱত।
Royal হোৱাটো বিচৰা নাছিলো,loyal হোৱাটো বিচাৰিছিলো।বিনিময়ত এখন মৰা পাখিৰ বাদে একো নাপালো।
মোৰ মনতোক তৃতীয়বাৰ হত্যা কৰিবলৈ,এইবাৰ দেখোন হৃদয়খনেই নাইকিয়া হৈ গʼল।মোৰ ভূল ক’ত?
মোৰ কল্পনাৰ পুৰুষজনৰ প্ৰতি কোনো নিৰ্দিষ্ট চেহেৰা ফৰমাইচ নাছিল,কোনো দাবী বা কোনো চৰ্ত নাছিল,একো নাছিল বাহ্যিক প্ৰয়োজন মোৰ।
ভালপাবলৈ এখন চাফা হৃদয়হে বিচাৰিছিলো..।
মই মৌন হৈ বিচনাত বাগৰিছো,নিজকে বিচাৰি হাবাথুৰি খাইছো,চাল্লা প্ৰেমৰ নামত কেৱল ঠাৰি চিঙা বেঙেনাৰ বাদে মই একোয়েই নাপালো ৰে’।
মইও বৰ আচৰিত,বয়ফ্ৰেইণ্ড নাই অথচ শোৱাৰ পৰা উঠি আকৌ শোৱাৰ পৰ্যন্ত তাৰ এটা মেছেজ,কল লৈ অপেক্ষা কৰো,ফেচবুকত খুচৰো তাৰ প্ৰফাইল,এসোতা গৰম লোটক বোৱাই হিয়া ধাকুৰি কান্দো,উজাগৰে ফেকুৰি ফেকুৰি কেইবাৰ যে অকিয়াইছো হাত..
আস! সি ব্যস্ত অন্য সুন্দৰীৰৰ কল্পনাত।
ছেহ: মোৰ প্ৰেম…তই যে সচাঁয় বহুত বেইমান।
(ইয়াত ‘মই’,মই নহয়।ইয়াত মই মানেই আপুনি)
ববিতা বৰা
কলিয়াবৰ