“বন কৰা ছোৱালী মই” – ৰাজলক্ষ্মী বৰঠাকুৰ

pc 123RF

বন কৰা ছোৱালী মই

ভাত- কাপোৰৰ অভাৱত
গাওঁ এৰি চহৰলৈ আহিলো,
আই -বোপাইয়ে দিয়া পোছাকী নাম
সলাই বনকৰা ছোৱালী হৈ।
পুৱাৰ পৰা গধূলি লৈ কামৰ হেঁচাত
নিজৰ পৰিচয় হেৰুৱাই পেলালো,
পঢ়া শুনা নাজানিলেও সকলো
কাম নিয়াৰিকৈ কৰো।
বাৰে বাৰে মনত ৰাখোঁ
বন কৰা ছোৱালী মই
দিনৰ দিনটো কাম কৰি
ৰাতি হ’লে জিৰণি লওঁ
গুদাম ঘৰৰ এচুকত থকা
আছুতীয়া জেগাত
বন কৰা ছোৱালী মই।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয়,গোলাঘাট