বন্ধ হ’ল ২০০০ টকীয়া নোটৰ প্ৰচলন
ৰঙিলী বাৰ্ত্তাসেৱা- এতিয়াৰে পৰা উপলব্ধ নহ’ব ২০০০ হাজাৰ টকীয়া নোট। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকসমূহক তেওঁলোকৰ গ্ৰাহকক ২০০০ টকীয়া নোট নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। ক্লীন নোট পলিচীৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। ইয়াৰোপৰি জনসাধাৰণে যিকোনো এটা বেংকৰ শাখালৈ গৈ তেওঁলোকৰ হাতত থকা ২০০০ টকীয়া নোট বেংকত জমা অথবা সালসলনি কৰিব পাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বিবৃতিত কয় যে ২০০০ টকীয়া নোটখন প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে যদিও এই বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈকে ইয়াক বৈধ মুদ্ৰা হিচাপেই গণ্য কৰা হ’ব। ২৩ মে’ৰ পৰা বেংকলৈ গৈ এই নোট সলনি কৰিব পাৰিব। এটা সময়ত মাত্ৰ ২০ হাজাৰ টকাহে সলনি কৰিব পাৰিব।উল্লেখ্য যে আৰবিআই আইন ১৯৩৪ৰ ধাৰা ২৪ (১)ৰ অধীনত ২০১৬ চনৰ নৱেম্বৰ মাহত ২০০০টকীয়া নোটৰ প্ৰচলন কৰা হৈছিল। ২০০০ টকীয়া নোটৰ ৮৯ শতাংশই ২০১৭ৰ মাৰ্চৰ ভিতৰতেই প্ৰচলন কৰা হৈছিল। এই নোটবোৰৰ আয়ুস ৪-৫ বছৰৰ ভিতৰত সমাপ্ত হয়। আৰবিআইৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ২০১৮-১৯ বৰ্ষতেই ২০০০ টকীয়া নোটৰ ছপা কাৰ্য বন্ধ কৰা হৈছিল।