বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ কংকাল
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। পুত্ৰৰ সন্মুখতে পৰিল ৰ’ল মাতৃৰ নিথৰ দেহ। মহানগৰীৰ জ্যোতিকুছিৰ অন্তৰ্গত শৰৎ সিংহ পথত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা।বিগত তিনি বছৰ পূৰ্বে হৃদযন্ত্র বিকল হৈ হঠাতে স্বামীৰ মৃত্যু হোৱাৰ পিছত একমাত্র পুত্র জয়দীপ দেৱৰ সৈতে আছিল পূর্ণিমা দেৱ নামৰ ৬৫ বছৰীয়া বৃদ্ধাগৰাকী। অসম আৰ্হিৰ ঘৰটোত একমাত্ৰ পুত্ৰৰ সৈতে বসবাস কৰা পূর্ণিমা দেৱৰ উপাৰ্জনৰ সম্বল বুলিবলৈ আছিল মৃত স্বামীৰ চাকৰি সূত্ৰে লাভ কৰা পেন্সনৰ ধনখিনি। এইখিনিৰে মাতৃ-পুত্ৰই কোনোমতে জীৱন নির্বাহ কৰি আছিল যদিও পুত্ৰক লৈ কোনোধৰণৰ ভৱিষ্যৎ পৰিকল্পনা নাছিল বৃদ্ধা পূর্ণিমা দেৱৰ। কিয়নো দেখাত সুঠাম যুৱক হ’লেও মানসিকভাৱে বিকাৰগ্ৰস্ত জয়দীপ দেৱ। কিছু মাহ পূর্বলৈকে মাতৃ-পুত্ৰৰ জীৱনযাত্রা সাধাৰণভাৱে চলি আছিল যদিও বিগত প্রায় চাৰি মাহ ধৰি ওচৰ-চুবুৰীয়াই দেখা নাছিল বৃদ্ধাগৰাকীক। হঠাতে বৃদ্ধা পূর্ণিমা দেৱৰ উঁৱলি যোৱা কংকালসাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতহে ৰহস্যৰ যেন অন্ত পৰিল। অঞ্চলটোৰ একাংশ প্ৰতিৱেশীয়ে সদৰী কৰা মতে, বিগত প্রায় চাৰি মাহ ধৰি চুবুৰীয়া কোনো লোকে দেখা নাছিল পূর্ণিমা দেৱক। অৱশ্যে মানসিক বিকাৰগ্ৰস্ত পুত্ৰক মাজে-সময়ে বাহিৰলৈ যোৱা ঠিকেই দেখিছিল চুবুৰীয়াই। প্রথম অৱস্থাত কোনো সন্দেহ ৰাইজে কৰা নাছিল। জয়দীপক একাংশ চুবুৰীয়া লোকে মাতৃৰ কথা সুধিলেও মাকে ভিতৰত ভাত খাই শুই থকা বুলি জনাইছিল। প্রতিৱেশীসকলে জানিবলৈ দিয়া মতে, চাৰি মাহ আগলৈকে বার্ধক্যজনিত কিছু ৰোগত আক্রান্ত আছিল পূর্ণিমা দেব। তথাপি সকলোৰে সৈতে মাত-বোল ঠিকেই কৰি আছিল বৃদ্ধাগৰাকীয়ে। ওচৰ-চুবুৰীয়া ৰাইজে পুনৰ জয়দীপক মাতৃৰ বিষয়ে সোধাত মাকে ভিতৰত থকা বুলি কৈছিল। তথাপি ওচৰ-চুবুৰীয়া ৰাইজে আশ্বস্ত হ’ব নোৱাৰি পুনৰ বাহিৰলৈ ওলাই অহা জয়দীপক মাতৃৰ বিষয়ে সোধাত তেওঁৰ পিতৃ-মাতৃ কোনো নাই বুলি ৰাইজক কয়। মানসিক বিকাৰগ্ৰস্ত পুত্ৰৰ কথা-বতৰাত সন্দেহ ওপজাত অঞ্চলটোৰ একাংশ লোকে বৃদ্ধাগৰাকীৰ পৰিয়ালৰ লোকক ফোনযোগে বিষয়টো অৱগত কৰি খা-খবৰ লোৱাৰ বাবে অনুৰোধ জনায়। সেইমৰ্মে পৰিয়ালৰ একাংশ সদস্যই ঘৰটোলৈ আহি পৰিস্থিতি প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। সন্ধিয়াৰ ভাগত ফটাশিল আমবাৰী থানাৰ আৰক্ষীৰ দলে আহি দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰাত বৃদ্ধা পূর্ণিমা দেৱৰ উঁৱলি যোৱা মৃতদেহ প্রত্যক্ষ কৰে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, কোঠালিটোৰ ভিতৰত এখন বিছনাত শুই থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে। মৃতদেহটোৰ কাষত ভগৱানৰ দুখন ফটো উদ্ধাৰ হৈছে। মৃতদেহটো ইমানেই উঁৱলি গৈছিল যে দেহৰ কংকালপর্যন্ত বাহিৰ হৈ পৰিছিল। অৱশ্যে উঁৱলি গ’লেও কোঠালিটোৰ দৰ্জা-খিৰিকী অনবৰতে বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত দুৰ্গন্ধ বাহিৰলৈ বিয়পি যোৱা নাছিল। যাৰ বাবে হয়তো ওচৰ-চুবুৰীয়াই ঘটনাটোৰ উমান নোপোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। স্বামীৰ মৃত্যুৰ পিছত মানসিক বিকাৰগ্ৰস্ত পুত্ৰক লৈ বসবাস কৰা মহিলাগৰাকীৰ ওচৰ-চুবুৰীয়াৰ সৈতে সম্পৰ্ক একেবাৰে কম আছিল। কিয়নো বহু সময়ত ওচৰ-চুবুৰীয়াই তেওঁলোকৰ ঘৰলৈ আহিব বিচাৰিলেও মানসিক বিকাৰগ্ৰস্ত পুত্ৰৰ গালি-শপনিৰ বাবে বহু লোকে যাবলৈ ইচ্ছা কৰা নাছিল। বাৰ্ধক্যজনিত ৰোগৰ কাৰণতে হয়তো বৃদ্ধাগৰাকীয়ে শয্যাশায়ী অৱস্থাতে মৃত্যুক সাবটি লৈছে। অকল সেয়াই নহয়, মানসিকভাৱে বিকাৰগ্ৰস্ত জয়দীপ দেৱেও মৃত মাকৰ সৈতে একেলগে এখন বিছনাত উক্ত সময়ছোৱাত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। প্রাথমিক তদন্তত আৰক্ষীয়ে এয়া হত্যাকাণ্ড নহয় বুলি সন্দেহ কৰিছে যদিও মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে সম্পূৰ্ণ সত্য পোহৰলৈ আহিব।