বন্ধু বিদ্যালয় – কমলেশ কাঞ্চন

PC-SheerID

বন্ধু বিদ্যালয়

 কমলেশ কাঞ্চন

এজাক শিশুই আজি
সপোন দেখিছে
বন্ধুত্বৰ সম্পৰ্কক
কটকটীয়া কৰিবলৈ
সংগীত-নৃত্যৰ ঢৌ তুলি
হাতত হাত ধৰি
সমন্বয়ৰে
অসমী আইক
আগুৱাই লৈ যোৱাৰ।
প্ৰতিভাৰ মিলনভূমি
বিদ্যালয়ৰ ৰংগমঞ্চ
মানৱ সম্পদৰ
বীজ অংকুৰিত হৈ
জিলিকি উঠিব
অসমৰ সাংস্কৃতিক জগতত
বোঁৱাই দিব
সংস্কৃতিৰ নৱধাৰা
সৃষ্টিৰ নতুন ৰসে
জীপাল কৰিব
সংস্কৃতিৰ ভঁৰাল!
জ্যোতি-বিষ্ণু-ভূপেনৰ
বিপ্লৱী গীতৰ
তালে তালে
সঞ্চাৰিত শিশুৰ দেশপ্ৰেম
তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
বিয়পি গৈছে শ্ৰদ্ধা-ভক্তি
আজুৰি আনিব
ক্ৰীড়াৰে সন্মান
উজ্বলি উঠিব ৰাষ্ট্ৰৰ
প্ৰেক্ষাপটত স্ব-প্ৰতিভাৰে॥