বনভোজ – ময়ূৰাক্ষী গগৈ

PC - Daily Assam

বনভোজ

ময়ূৰাক্ষী গগৈ

উখল -মাখল লাগিছে আজি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
সকলো জীৱ-জন্তু সাজু হৈছে
বনভোজ খাবলৈ বুলি।
বনৰ ৰজা সিংহ হৈছে দলপতি,
বাচনি কৰিছে ব্ৰহ্মপুত্ৰৰ বালিচৰ
বনভোজৰ থলী ৰূপে।
নিমন্ত্ৰণ কৰাৰ দায়িত্ব পৰিল
ঢেকীয়াপতীয়া বাঘৰ।
গাখীৰ আনিলে চাহৰ বাবে
বনৰীয়া ম’হে হাঁহি হাঁহি।
কলৰ ঠোক আনিলে বান্দৰে
গছৰ পৰা চিঙি।
দল-হৰিণা, মেঠোন, সুগৰী পহু,
শিয়াল, ভালুক, বন-ৰৌ, মাটি -গাহৰি
আছে যত জীৱ এই উদ্যানৰ
হাঁহি হাঁহি সকলো আহিল,
হেঁপাহেৰে এসাঁজ খাবলৈ বুলি।
এইবাৰ পাছে সকলোৱে কৰিছে পণ,
জীৱ হত্যা নকৰে কোনেও।
নিৰামিষেই হওঁক বনভোজৰ আহাৰ।